গুৱাহাটী, ০৮ নৱেম্বৰ (হি.স.)। কংগ্ৰেছৰ বিধায়ক আফতাব উদ্দিন মোল্লাক হিন্দু আৰু নামঘৰৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মঙলবাৰে নিশা দিছপুৰ বিধায়ক হোষ্টেল এফ ব্লকত অৱস্থিত আন এগৰাকী কংগ্ৰেছ বিধায়ক ৱাজেদ আলী চৌধাৰীৰ বিধায়ক বাসগৃহৰ পৰা আফতাব উদ্দিন মোল্লাক গ্ৰেপ্তাৰ কৰা হয়। ৰাজধানীৰ ভেটাপাৰা অঞ্চলৰ দীপক কুমাৰ দাসে আফতাবৰ বিৰুদ্ধে দিছপুৰ থানাত এফআইআৰ দাখিল কৰিছিল। এই এফআইআৰৰ ভিত্তিত বিধায়কজনক গ্ৰেপ্তাৰ কৰা হৈছে।
ৰাজ্যৰ বিভিন্ন স্থানত বিধায়কগৰাকীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। উল্লেখযোগ্য যে অভিযুক্ত বিধায়কগৰাকীয়ে পূৰ্বে দুবাৰকৈ হিন্দু ব্যভিচাৰী আৰু নামঘৰলৈ যোৱাৰ লোক ধৰ্ষণকাৰী বুলি কৈছিল। ইয়াৰ পিছতে ৰাজ্যৰ বহু দল-সংগঠনে বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছিল। কংগ্ৰেছে তেওঁক কাৰণ দেখুৱাৰ জাননীও জাৰি কৰিছিল।
কিছুদিন পূৰ্বে ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাইও হিন্দু ধৰ্মৰ বিৰুদ্ধে আপত্তিজনক বক্তব্য দিছিল। কংগ্ৰেছৰ সভাপতিয়ে ভগৱান শ্ৰীকৃষ্ণক লাভ জেহাদীৰ লগত তুলনা কৰিছিল। ইয়াৰ পিছতে সমগ্ৰ ৰাজ্যতে কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হয়। ইয়াৰ পিছদিনা কংগ্ৰেছৰ সভাপতিজনে এটা নামঘৰলৈ গৈ ৰাজহুৱাভাৱে ক্ষমা খুজিছিল। ইফালে সোমবাৰে বৰাক উপত্যকাত শিৱ আৰু নাৰায়ণ মন্দিৰত অগ্নিসংযোগ কৰাৰ পিছতে ক্ষুব্ধ হৈ পৰিছে লোকসকল।
হিন্দুস্থান সমাচাৰ/শ্ৰীপ্ৰকাশ/মনোজ/অৰৱিন্দ
