-১২০খন দেশৰ সমৰ্থন, ভাৰত, কানাডা, জাৰ্মানী আৰু ব্ৰিটেইনকে ধৰি ৪৫খন দেশ ভোট প্ৰক্ৰিয়াৰ বিৰত
ৰাষ্ট্ৰসংঘ, ২৮ অক্টোবৰ (হি.স.) ইজৰাইল-হামাছ যুদ্ধৰ মাজতে গাজাত মানৱীয় ভিত্তিত যুদ্ধবিৰতিৰ বাবে জৰ্ডানৰ প্ৰস্তাৱ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত গৃহীত হয়। শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বিশেষ অধিৱেশনত ইজৰাইল আৰু হামাছৰ মাজত তাৎক্ষণিকভাৱে মানৱীয় যুদ্ধবিৰতিৰ বাবে তীব্ৰ আহ্বান জনায়। লগতে গাজাপট্টী আৰু সাধাৰণ নাগৰিকৰ সুৰক্ষাৰ বাবে সাহায্য প্ৰদানৰ দাবী উত্থাপন কৰা হয়। এই প্ৰস্তাৱ সদনত গুঞ্জৰিত হাতচাপৰিৰে গৃহীত হয়। এই তথ্য সংবাদ মাধ্যমৰ বাতৰিত দিয়া হৈছে।
ৰাষ্ট্ৰসংঘৰ এই প্ৰস্তাৱৰ সপক্ষে ১২০টা ভোট আৰু বিৰোধী মাত্ৰ ১৪টা ভোট। ভাৰত, কানাডা, জাৰ্মানী, ব্ৰিটেইনকে ধৰি ৪৫খন দেশে নিজকে এই ভোটদান প্ৰক্ৰিয়াৰ পৰা আঁতৰাই ৰাখিছিল। ৭৫ বছৰীয়া ইতিহাসত হামাছে ইজৰাইলৰ নাগৰিকসকলৰ ওপৰত সংঘটিত হোৱা আটাইতকৈ নৃশংস আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলে গাজাত স্থল অভিযান তীব্ৰতৰ কৰাৰ লগে লগে আৰবৰ প্ৰস্তাৱসমূহ বাধ্যতামূলক নহয় যদিও ৰাজনৈতিক তাৎপৰ্য্য লাভ কৰিছে বুলি সদনত এই প্ৰস্তাৱ গৃহীত কৰা হয়।
বিগত দুসপ্তাহত নিৰাপত্তা পৰিষদে চাৰিবাৰকৈ কার্যকৰী কৰিব নোৱাৰাৰ পাছত সাধাৰণ পৰিষদে এই বিষয়ত ভোটদান কৰে ৷ প্ৰস্তাৱ গৃহীত কৰিবলৈ দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন। এই সংকল্পৰ উদ্দেশ্য হৈছে জনসাধাৰণৰ বিৰুদ্ধে এই যুদ্ধ আৰু গণহত্যা বন্ধ কৰা আৰু গাজা ষ্ট্ৰিপক মানৱীয় সাহায্য প্ৰদান কৰা।
খবৰ অনুসৰি এই প্ৰস্তাৱক লৈ পেলেষ্টাইনৰ ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰদূত ৰিয়াদ মনছুৰে সন্তোষ প্ৰকাশ কৰিছে। একে সময়তে ইজৰাইলৰ ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰদূত গিলাদ এৰডানে এই প্ৰস্তাৱ নাকচ কৰে। তেওঁ কয় যে ইজৰাইলৰ নিজৰ ৰক্ষাৰ অধিকাৰ আছে। কিমান দিনলৈ তেওঁ হামাছৰ আক্ৰমণ সহ্য কৰি থাকিব? এইটো হ’ব নোৱাৰে। তেওঁ কয় যে ৰাষ্ট্ৰসংঘৰ এতিয়া কোনো বৈধতা বা প্ৰাসংগিকতা নাই। এই প্ৰস্তাৱক তেওঁ হাস্যকৰ বুলি অভিহিত কৰে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
