হাংঝু, ২৮ অক্টোবৰ (হি.স.)। চীনত চলি থকা চতুৰ্থ এছিয়ান পেৰা গেমছত শনিবাৰে ভাৰতীয় নাৱিক অনিতা আৰু নাৰায়ণ কংগনাপল্লে পি আৰ ৩ মিক্সড ডাবলছ স্কালছত ৰূপৰ পদক লাভ কৰে। মিক্সড ডাবলছৰ যুটিটোৱে ৮:৫০.৭১ ছেকেণ্ডত ৰূপৰ পদক লাভ কৰে।
ইফালে, পুৰুষৰ টি৪৭ ৪০০ মিটাৰ দৌৰত দিলীপ মহাদু গাভিটে স্বৰ্ণ জয় কৰি এছিয়ান পেৰা গেমছত ভাৰতক ১০০ পদকৰ আকাংক্ষিত স্থানলৈ লৈ যায়। তেওঁ ৪৯.৪৮ ছেকেণ্ডৰ উৎকৃষ্ট ৰান টাইমেৰে স্বৰ্ণ পদক লাভ কৰে।
ভাৰতীয় দলটোৱে শনিবাৰেও এথলেটিকছ, দবা আৰু নাওঁ চলোৱাত জয়ৰ ধাৰা অব্যাহত ৰাখিব বিচাৰিব।
শুকুৰবাৰে ভাৰতীয় পেৰা এথলীটে ৭টা স্বৰ্ণ, ৬টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদককে ধৰি মুঠ ১৭টা পদক লাভ কৰে। আৰ্চাৰী কম্পাউণ্ড অ’পেন ইভেণ্টত স্বৰ্ণ পদক অৰ্জন কৰি দিনটোৰ এক সুন্দৰ আৰম্ভণি কৰে শীতল দেৱীয়ে। পুৰুষৰ লং জাম্প টি-৬৪ ইভেণ্টত ৬.৮০ মিটাৰ জাম্পেৰে স্বৰ্ণ পদক লাভ কৰে ধৰমৰাজ সোলৰাজে।
পুৰুষৰ ডাবলছ এছএল৩-এচএল৪ বেডমিণ্টনত ভাৰতৰ নীতিশ কুমাৰ আৰু তৰুণে স্বৰ্ণ পদক লাভ কৰে। পুৰুষৰ বেডমিণ্টন একক এছএল৩ টুৰ্ণামেণ্টত দুটাকৈ প’ডিয়াম ফিনিছিং কৰি ভাৰতে আধিপত্য বিস্তাৰ কৰে। প্ৰমোদ ভগতে এই আকাংক্ষিত স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে নীতিশ কুমাৰে ৰূপৰ পদক লাভ কৰে। বেডমিণ্টন মহিলা একক এছইউ৫ বিভাগত চীনৰ কিক্সিয়া ইয়াঙক ২-০ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক লাভ কৰে থুলাচিমাথিয়ে। ইয়াৰ পূৰ্বে ৰমন শৰ্মাই পুৰুষৰ ১৫০০ মিটাৰ টি-৩৮ ইভেণ্টত ৪:২০.৮০ ছেকেণ্ডত স্বৰ্ণ পদক লাভ কৰিছিল।
হিন্দুস্থান সমাচাৰ/সুনিল/মনোজ/অৰবিন্দ
