নতুন দিল্লী, ২২ অক্টোবৰ। ইজৰাইল-হামাছৰ সংঘাতত আবদ্ধ হৈ থকা পেলেষ্টাইনৰ সাধাৰণ নাগৰিকলৈ ভাৰতে প্ৰেৰণ কৰিছে মানৱীয় সাহায্য। ভাৰতীয় বায়ুসেনাৰ চি-১৭ পৰিবহণ বিমানে দেওবাৰে গাজিয়াবাদৰ হিন্দন বায়ুসেনা ঘাটিৰ পৰা ৩২ টন সাহায্য সামগ্ৰী আৰু ৬.৫ টন চিকিৎসা সাহায্য লৈ ইজিপ্তৰ এল-আৰিছ বিমানবন্দৰলৈ ৰাওনা হয়।
বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয় যে পেলেষ্টাইনৰ জনসাধাৰণলৈ প্ৰায় ৬.৫ টন চিকিৎসা সাহায্য আৰু ৩২ টন দুৰ্যোগ সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে। আই এ এফৰ চি-১৭ পৰিবহণ বিমানে আজি পুৱা গাজিয়াবাদৰ হিন্দন এয়াৰ বেছৰ পৰা ইজিপ্তৰ এল-আৰিছ বিমানবন্দৰলৈ ৰাওনা হয়। এই সামগ্ৰীসমূহৰ ভিতৰত আছে অত্যাৱশ্যকীয় জীৱন ৰক্ষাকাৰী ঔষধ, অস্ত্ৰোপচাৰৰ সামগ্ৰী, তম্বু, শোৱা বেগ, টাৰ্পলিন, অনাময় ব্যৱস্থা, পানী বিশুদ্ধকৰণ টেবলেটৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী।
হামাছৰ আক্ৰমণৰ প্ৰতি ইজৰাইলৰ প্ৰত্যুত্তৰত বৰ্তমান গাজাপট্টীত বসবাস কৰা পেলেষ্টাইনী নাগৰিকসকল মানৱীয় সংকটৰ মাজেৰে পাৰ হৈ আহিছে। হামাছৰ বৰ্বৰ আক্ৰমণৰ পিছত ইজৰাইলৰ কাৰ্যকলাপৰ বাবে পেলেষ্টাইনী সাধাৰণ নাগৰিকসকলো হতাহত হৈ পৰিছে।
