নগাঁও, ২২ অক্টোবৰ (হি.স.): পূজাৰ আনন্দ উল্লাসৰ সময়তে জুৰীয়া আৰক্ষীয়ে আজি এক সফল অভিযান চলায়।অভিযানত ৭.৬৫ এমএমৰ এটা পিষ্টল আৰু চোকা অস্ত্ৰ সহ আটক কৰিলে দুই অস্ত্ৰ সৰবৰাহকাৰীক।
জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিতু দাসৰ নেতৃত্বত জুৰীয়াৰ দলনি জুৰীয়াত চলিছিল অভিযান । ধৃত অস্ত্ৰ সৰবৰাহকাৰী দুটা ক্ৰমে নিজ জুৰীয়াৰ আজিজুল হক আৰু নগাবন্ধাৰ আজিকুল ইছলাম। সম্প্ৰতি দুয়োকে জুৰীয়া আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
