আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনৰ স্বাস্থ্য সন্দর্ভত এক গুৰুত্বপূর্ণ খবৰ প্ৰকাশ পোৱা গৈছে। চিকিৎসকে প্ৰকাশ কৰিছে যে তেওঁৰ প্ৰোস্টেট কেঞ্চাৰ ধৰা পৰিছে আৰু ৰোগটো অত্যন্ত আক্রমণাত্মক অৱস্থালৈ আগবাঢ়িছে। শেহতীয়াকৈ হোৱা শাৰীৰিক পৰীক্ষাৰ পিছত এই ৰোগ ধৰা পৰে। জো বাইডেনৰ কাৰ্যালয়ে এক বিবৃতিত এই তথ্য জনাইছে, আৰু ইতিমধ্যে তেওঁৰ চিকিৎসাও আৰম্ভ হৈছে। এই খবৰত বর্তমান ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পো উদ্বিগ্ন প্ৰকাশ কৰিছে।
BulletsIn
-
আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেন প্ৰোস্টেট কেঞ্চাৰত আক্রান্ত।
-
শেহতীয়া শাৰীৰিক পৰীক্ষাত তেওঁৰ মূত্রাশয়ত কেঞ্চাৰ ধৰা পৰে।
-
চিকিৎসকে কয়, ৰোগটো অত্যন্ত আক্রমণাত্মক পৰ্যায়ত আছে।
-
চিকিৎসা অবিলম্বে আৰম্ভ কৰা হৈছে।
-
এই তথ্য জো বাইডেনৰ কাৰ্যালয়ে স্থানীয় সময় অনুসৰি ৰবিবাৰে এখন বিবৃতিত প্ৰকাশ কৰে।
-
বাইডেনৰ স্বাস্থ্য অৱস্থাৰ খবৰ শুনি ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প উদ্বিগ্ন হৈ পৰে।
-
ট্ৰাম্পে তেওঁৰ সামাজিক মাধ্যম ‘ট্ৰুথ ছ’চিয়েল’ত এক বাৰ্তা প্ৰকাশ কৰে।
-
তেওঁ কয়, মেলানিয়া আৰু মই এই খবৰ শুনি দুঃখিত।
-
জিল বাইডেন আৰু পৰিয়ালৰ প্ৰতি তেওঁ আন্তৰিক শুভেচ্ছা জনায়।
-
ট্ৰাম্পে জো বাইডেনৰ দ্ৰুত আৰু সফল আৰোগ্যৰ কামনাও কৰে।
