মাদ্ৰিদ, ০১ জানুৱাৰী (হি.স.)। ৰিয়েল মাদ্রিদৰ তাৰকা ফৰৱাৰ্ড কাইলিয়ান এমবাপে বাওঁ আঁঠুৰ আঘাতৰ বাবে দলৰ পৰা বাদ পৰিছে। বুধবাৰে স্পেনিছ ক্লাবটোৱে এক চমু বিবৃতিত কয় যে ফ্ৰান্সৰ ছুপাৰষ্টাৰগৰাকীৰ আঁঠুৰ মোচৰা খাইছে যদিও তেওঁৰ উভতি অহাৰ কোনো সময়সীমা দিয়া হোৱা নাই।
ফ্ৰান্সৰ প্ৰতিষ্ঠিত ক্ৰীড়া কাকত ল’ইকুইপে প্ৰকাশ কৰা অনুসৰি, এমবাপে কমেও তিনি সপ্তাহৰ বাবে খেলপথাৰৰ পৰা আঁতৰি থাকিব পাৰে। কাকতখনে কোনো চৰকাৰী সূত্ৰৰ উদ্ধৃতি দিয়া নাই। প্ৰতিবেদনত লগতে কোৱা হৈছে যে এমবাপে বিগত কেইবা সপ্তাহ ধৰি আঁঠুৰ পাৰ্শ্বীয় লিগামেণ্টৰ সমস্যাত ভুগি আছিল আৰু বুধবাৰে পুৱা কৰা এম আৰ আই স্কেনত এটা ঘা দেখা গৈছে যাৰ বাবে চিকিৎসা আৰু জিৰণি লোৱাৰ প্ৰয়োজন।
সেই সময়ত এমবাপে উৎকৃষ্ট ফৰ্মত আছিল। চলিত মাহৰ আৰম্ভণিতে ২০২৫ চনত ৰিয়েল মাদ্রিদৰ হৈ ৫৯ সংখ্যক গ’ল দি ক্রিষ্টিয়ানো ৰোনাল্ডোৰ কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক গ’ল দিয়াৰ ক্লাব অভিলেখৰ সমান কৰে।
২০২৪ চনৰ গ্রীষ্মকালত পেৰিছ ছেইণ্ট জার্মেইনৰ পৰা ৰিয়েল মাদ্রিদত যোগদান কৰা এমবাপে এই ছিজনত এতিয়ালৈকে মুঠ ২৯টা গ’ল দিছে, ইয়াৰে ১৮টা গ’ল লা লিগাত, আৰু তেওঁ লীগৰ সৰ্বাধিক গ’লদাতা৷
ৰিয়েল মাদ্রিদৰ পৰৱৰ্তী মেচ দেওবাৰে লা লিগাত ৰিয়েল বেটিছৰ বিৰুদ্ধে, এমবাপেৰ অনুপস্থিতি দলটোৰ বাবে এক ডাঙৰ আঘাত বুলি বিবেচিত হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
