নতুন দিল্লী, ০৮ আগষ্ট (হি.স.)। শুকুৰবাৰে (ভাৰতীয় সময় অনুসৰি) পৰ্তুগালৰ এষ্টাডিঅ’ ড’ আলগাৰ্ভত অনুষ্ঠিত হোৱা প্ৰি-ছিজন প্ৰীতি মেচখনত ক্রিষ্টিয়ানো ৰোনাল্ডোৱে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই হেট্ৰিক অৰ্জন কৰি ৰিঅ’ এভিৰ বিৰুদ্ধে তেওঁৰ দল আল নাছৰে ৪-০ গ’লত থাম্পিং জয়লাভ কৰে।
খেলখনৰ আৰম্ভণিতে ১৫ মিনিটত মহম্মদ ছিমাকানে এটা গ’ল দি আল নাছৰক অগ্ৰগতি প্ৰদান কৰে। হাফ টাইমৰ ঠিক আগতেই ৰোনাল্ডোৱে নতুন সতীৰ্থ জোৱাও ফেলিক্সৰ সৈতে অতিশয় সমন্বয় দেখুৱাই এটা গ’ল দি স্ক’ৰ ২-০ কৰে। দ্বিতীয়াৰ্ধত ৰিঅ’ এভেই কামবেক কৰিবলৈ চেষ্টা কৰিছিল যদিও ডিফেণ্ডাৰ নেলছন আবিৰ ভুলৰ বাবে পেনাল্টি লাভ কৰিছিল। ৰোনাল্ডোৱে এই সুযোগ সতীৰ্থ ছাদিঅ’ মেনক দিলে যদিও মানে গ’ল দিবলৈ ব্যৰ্থ হয়। মাত্ৰ ১৬ ছেকেণ্ডৰ পাছতে ৰোনাল্ডোৱে হেডাৰেৰে দ্বিতীয়টো গ’ল দিয়ে।
আবিৰ বিপদ ইয়াতেই শেষ নহ’ল আৰু তেওঁ বাকচত ফেলিক্সক ফাউল কৰি আন এটা পেনাল্টি দিলে। এইবাৰ ৰোনাল্ডোৱে নিজেই দায়িত্ব লৈ সহজে হেট্ৰিক অৰ্জন কৰে।
২০২২ চনত মানচেষ্টাৰ ইউনাইটেড এৰি আল নাছৰত যোগদান কৰা ৰোনাল্ডোৱে তাৰ পিছত ১০৫খন খেলত ৯৩টা গ’ল দিছে। শেহতীয়াকৈ ক্লাবটোৱে ফিফা ক্লাব বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হোৱাৰ পিছত তেওঁৰ ভৱিষ্যতক লৈ জল্পনা-কল্পনা চলিছিল যদিও তেওঁ দুবছৰৰ বাবে চুক্তি বৃদ্ধি কৰি সকলো উৰাবাতৰিৰ অন্ত পেলাইছিল।
এতিয়া আল নাছৰে ১০ আগষ্টত স্পেইনৰ দ্বিতীয় বিভাগৰ দল ইউ ডি আলমেৰিয়াৰ বিৰুদ্ধে পৰৱৰ্তী প্ৰি-ছিজন মেচ খেলিব, আনহাতে ১৯ আগষ্টত ছৌদি ছুপাৰ কাপৰ ছেমি ফাইনেলত আল ইতিহাদৰ বিৰুদ্ধে ছিজন আৰম্ভ কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
