নতুন দিল্লী, ১১ আগষ্ট (হি.স.)। তীব্ৰ হুলস্থুলৰ মাজতে সোমবাৰে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া শাসন বিধেয়ক আৰু ৰাষ্ট্ৰীয় এণ্টি ড’পিং সংশোধনী বিধেয়ক লোকসভাত গৃহীত কৰে। এই দুয়োখন বিধেয়ক সদনত উত্থাপন কৰিছিল ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডবিয়াই চলিত বাৰিষা অধিৱেশনৰ সময়ত। এই সময়ত সদনৰ অধ্যক্ষতা কৰে বিজেপিৰ নিৰ্বাচিত সাংসদ সন্ধ্যা ৰায়ে।
ৰাষ্ট্ৰীয় ক্ৰীড়া শাসন বিধেয়কৰ লক্ষ্য দেশৰ বিভিন্ন ক্ৰীড়া প্ৰশাসকক নিয়ন্ত্ৰণ কৰাৰ বিপৰীতে ৰাষ্ট্ৰীয় এণ্টি ডপিং সংশোধনী বিধেয়কখনে বিশ্ব এণ্টি ডপিং এজেন্সী (ৱাডা)ৰ নিৰ্দেশনা অনুসৰি ৰাষ্ট্ৰীয় এণ্টি ডপিং এজেন্সীক অধিক “কাৰ্য্যকৰী স্বাধীনতা” প্ৰদান কৰিছে। এই বিধেয়কসমূহৰ উদ্দেশ্য ৰাষ্ট্ৰীয় এণ্টি ডপিং (সংশোধনী) বিধেয়ক, ২০২৫ৰ লক্ষ্য হৈছে ৰাষ্ট্ৰীয় এণ্টি ডপিং আপীল পেনেল আৰু ৰাষ্ট্ৰীয় এণ্টি ডপিং সংস্থাৰ কাৰ্য্যকলাপ, তদন্ত আৰু বলবৎকৰণৰ সিদ্ধান্তত স্বায়ত্তশাসন নিশ্চিত কৰিবলৈ প্ৰতিষ্ঠানিক আৰু কাৰ্য্যকৰী স্বাধীনতা বৃদ্ধি কৰা।
ক্ৰীড়া মন্ত্ৰী মাণ্ডবিয়াই লোকসভাত কয়, এই বিধেয়কখন স্বাধীনতাৰ পিছত ক্ৰীড়াৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ সংস্কাৰ হ’ব। এই বিধেয়কৰ জৰিয়তে আমি ‘গ্ৰাউণ্ড টু গ্ল’ৰী’ৰ সপোন বাস্তৱায়িত কৰাৰ আশা কৰিছো। ই জবাবদিহিতা আৰু পেছাদাৰিত্বৰ কাঠামো শক্তিশালী কৰিব, মহিলাসকলক অধিক সুযোগ প্ৰদান কৰিব আৰু আমাৰ খেলুৱৈসকলৰ ন্যায় নিশ্চিত কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
