মুম্বাই, ০৯ জুলাই (হি.স.)। আগন্তুক ২৯ আগষ্ট শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব প্ৰ’ কাবাডী লীগৰ বহু প্ৰত্যাশিত ছিজন ১২।এঘাৰটা ৰোমাঞ্চকৰ আৰু সফল ছিজনৰ পিছত এতিয়া লীগে দ্বাদশ অধ্যায়ৰ দিশে আগবাঢ়িছে, যিয়ে পুনৰবাৰ দৰ্শকৰ মাজত প্ৰচণ্ড ৰোমাঞ্চ আৰু প্ৰতিযোগিতা কঢ়িয়াই আনিব। বুধবাৰে এই কথা ঘোষণা কৰে পিকেএলৰ আয়োজক মাছাল স্প’ৰ্টছে।
হাৰিয়ানা ষ্টিলাৰ্ছে ১১ নং ছিজনত উজ্জ্বল প্ৰদৰ্শনেৰে প্ৰথমবাৰৰ বাবে খিতাপ দখল কৰিছিল আৰু এতিয়া এই ছিজনত খিতাপ ৰক্ষা কৰিব। শেহতীয়াকৈ সমাপ্ত হোৱা খেলুৱৈ নিলামত ১২টা ফ্ৰেঞ্চাইজিৰ সকলোবোৰেই নিজৰ দল শক্তিশালী কৰিছে, যাৰ বাবে এই ছিজনটো পূৰ্বতকৈ অধিক প্ৰতিযোগিতামূলক আৰু মনোৰঞ্জনমূলক হ’ব বুলি আশা কৰা হৈছে। ১২ নং ছিজনৰ স্থান আৰু অন্যান্য সবিশেষ অতি সোনকালে ঘোষণা কৰা হ’ব।
পিকেএলৰ লীগ আয়ুক্ত তথা মাশাল স্প’ৰ্টছৰ ব্যৱসায়িক মুৰব্বী অনুপম গোস্বামীয়ে কয়, “আমি ছিজন ১২ৰ আৰম্ভণিৰ তাৰিখ ঘোষণা কৰি অত্যন্ত উৎসাহিত হৈছো।সম্প্রতি সমাপ্ত হোৱা ঐতিহাসিক খেলুৱৈ নিলামত ১০ জন খেলুৱৈয়ে ₹১ কোটিৰো অধিক মূল্যৰ চুক্তি লাভ কৰি লীগৰ বাবে এক নতুন মাইলৰ খুঁটি চিহ্নিত কৰিছে৷আমি নিশ্চিত যে এই ছিজনটো এতিয়ালৈকে আটাইতকৈ প্রতিযোগিতামূলক আৰু ৰোমাঞ্চকৰ ছিজন হ’ব৷”
উল্লেখযোগ্য যে প্ৰ’ কাবাডী লীগ ছিজন ১২ৰ খেলুৱৈ নিলাম ৩১ মে’ আৰু ১ জুনত মুম্বাইত অনুষ্ঠিত হৈছিল, য’ত অভিলেখ সৃষ্টি কৰা ১০ জন খেলুৱৈয়ে ১ কোটি টকাতকৈ অধিক নিলাম লাভ কৰিছিল।
ভাৰতীয় এমেচাৰ কাবাডী ফেডাৰেশ্যন (এ কে এফ আই)ৰ তত্বাৱধান আৰু অনুমোদনত মাছল স্প’ৰ্টছ আৰু জিঅ’ষ্টাৰে একেলগে প্ৰ’ কাবাডী লীগক ভাৰতৰ অন্যতম সফল ক্ৰীড়া লীগলৈ ৰূপান্তৰিত কৰিছে। ভাৰতৰ পৰম্পৰাগত ক্ৰীড়া কাবাডীক ৰাষ্ট্ৰীয় আৰু বিশ্ব মঞ্চত নতুন পৰিচয় দিছে পি কে এলে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
