কুৱালালামপুৰ, ১৫ আগষ্ট (হি.স.)। শুকুৰবাৰে এ এফ চি চেম্পিয়নছ লীগ টু ২০২৫-২৬ৰ বাবে অনুষ্ঠিত হোৱা ড্ৰ’ত গ্ৰুপ ডিত স্থান লাভ কৰিছে ভাৰতীয় ক্লাব এফ চি গোৱাই।
গ্ৰুপ ডিত পৰ্তুগীজ ফুটবল কিংবদন্তি ক্রিষ্টিয়ানো ৰোনাল্ডোৰ ক্লাব আল নাছৰকো অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ বাবে গ্ৰুপ পৰ্যায়ত ভাৰতীয় ক্লাবটোৱে কাছামানা ৰোনাল্ডোৰ ক্লাবৰ মুখামুখি হ’ব।
এফ চি গোৱা আৰু আল নাছৰৰ উপৰিও গ্ৰুপ ডিত আৰু দুখন দেশৰ ক্লাবকো অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত আছে ইৰাকী ক্লাব আল জাৱৰা এছ চি আৰু তাজিকিস্তানৰ ক্লাব এফ চি ইষ্টিকলল (তাজিকিস্তান)।
মে’ মাহত ছুপাৰ কাপৰ খিতাপ দখল কৰি এফ চি গোৱাই প্ৰতিযোগিতাখনৰ প্লে অফ ৰাউণ্ডত প্ৰৱেশ কৰিছিল। ইয়াৰ পিছতে ওমান ক্লাব আল ছিবৰ বিৰুদ্ধে কোৱালিফায়াৰ মেচত এফ চি জিয়ে ২-১ গ’লত জয়লাভ কৰি গ্ৰুপ পৰ্যায়ত নিজৰ স্থান নিশ্চিত কৰে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
