কলকাতা, ২৫ অক্টোবৰ (হি.স.)। হকী ইণ্ডিয়াৰ সভাপতি তথা ভাৰতীয় পুৰুষ হকী দলৰ প্ৰাক্তন অধিনায়ক ড০ দিলীপ তিৰ্কীক ভাৰতীয় ক্ৰীড়ালৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে কলিকতা স্প’ৰ্টছ জাৰ্নেলিষ্ট ক্লাবে (চি এছ জে চি) জীৱনজোৰা সাধনা (লাইফটাইম এচিভমেণ্ট) বঁটাৰে সন্মানিত কৰে।
এই সন্মানীয় সন্মান শুকুৰবাৰে কলকাতাত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বি চি চি আইৰ প্ৰাক্তন সভাপতি সৌৰভ গাংগুলীয়ে তেওঁক প্ৰদান কৰে।
ভাৰতীয় হকী কিংবদন্তি ড° টিৰ্কিয়ে তিনিখন অলিম্পিক গেমছ (১৯৯৬, ২০০০, ২০০৪)কে ধৰি ৪১২খন আন্তঃৰাষ্ট্ৰীয় মেচত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। তেওঁক দেশৰ অন্যতম শ্ৰেষ্ঠ ডিফেণ্ডাৰ হিচাপে গণ্য কৰা হয়।
হকী ইণ্ডিয়াৰ সভাপতি পদ গ্ৰহণ কৰাৰ পিছৰে পৰা ড০ টিৰ্কিয়ে ভাৰতীয় হকিক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে কেইবাটাও উন্নয়নমূলক আৰু গাঁথনিগত সংস্কাৰৰ সূচনা কৰি দেশত এই ক্ৰীড়াক নতুন দিশ আৰু গতি প্ৰদান কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
