হংকং, ০৫ নৱেম্বৰ (হি.স.)। ক্ৰিকেট হংকং চীনে ঘোষণা কৰিছে হংকং ছিক্সেছ ২০২৫ প্ৰতিযোগিতাৰ সম্পূৰ্ণ ভাৰতীয় দল। অহা ৭ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ টিন কোৱাং ৰোড ৰিক্ৰিয়চন গ্ৰাউণ্ডত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত অভিজ্ঞ উইকেটকীপাৰ-বেটছমেন দীনেশ কাৰ্তিকক ভাৰতীয় দলৰ নেতৃত্ব দিবলৈ নিযুক্তি দিয়া হৈছে। দলটোত অভিজ্ঞ খেলুৱৈৰ লগতে ঘৰুৱা কিছুমান শক্তিশালী প্ৰদৰ্শনকাৰীও আছে।
আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতা আৰু চাপত শান্ত আচৰণৰ বাবে পৰিচিত দীনেশ কাৰ্তিক।
যোৱা বছৰ টিম ইণ্ডিয়াৰ অধিনায়কত্ব কৰা ৰবিন উথাপ্পাও দলটোৰ অংশ হ’ব। ২০০৭ চনৰ টি-২০ বিশ্বকাপ বিজয়ী উথাপ্পাই ২০২৪ চনৰ সংস্কৰণত ওমানৰ বিৰুদ্ধে মাত্ৰ ১৩টা বলত ৫২ ৰানৰ বিস্ফোৰক ইনিংছ খেলিছিল আৰু প্ৰতিযোগিতাখনৰ অন্যতম আকৰ্ষণীয় বেটছমেন আছিল।
পূৰ্বৰ সংস্কৰণৰ ভাৰতৰ সৰ্বাধিক স্কোৰ কৰ্তা ভৰত চিপ্লিও দলত আছে। ৪২ বছৰীয়া চিপ্লিয়ে ২০২৪ চনত পাকিস্তানৰ বিৰুদ্ধে ১৬টা বলত ৫৩টা নট আউটৰ চমকপ্ৰদ ইনিংছ খেলি মুঠ ১৫৬ ৰানেৰে খেলখন সামৰে।
ষ্টুয়াৰ্ট বিনিয়ে অল ৰাউণ্ডাৰ হিচাপে দলটোক ভাৰসাম্য প্ৰদান কৰিব। ভাৰতৰ হৈ তিনিওটা ফৰ্মেটতে খেলা বিনিয়ে বেট আৰু বল দুয়োটাৰে অৰিহণা যোগাবলৈ সক্ষম, যিটো এই চুটি ফৰ্মেটত দলৰ বাবে গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব।
এই বলিঙৰ নেতৃত্ব দিব ভাৰতৰ হৈ টেষ্ট আৰু এদিনীয়া দুয়োখন মেচ খেলা অভিমন্যু মিথুনে। প্ৰথম শ্ৰেণীৰ ৩৩০টা উইকেট দখল কৰা মিথুন ঘৰুৱা ক্ৰিকেটত অত্যন্ত অভিজ্ঞ।
ঝাৰখণ্ডৰ শ্বাহবাজ নাদীমে বাওঁহাতৰ স্পিনাৰ হিচাপে দলত বৈচিত্ৰ্য আৰু নিয়ন্ত্ৰণ যোগ কৰিব। ২০১৯ চনত ভাৰতৰ হৈ টেষ্টত অভিষেক ঘটোৱা নদীমে ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে উইকেট দখল কৰি আহিছে।
দলটোত আছে শেহতীয়াকৈ ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ লোৱা কাৰিকৰীভাৱে সুস্থ বেটছমেন প্ৰিয়ংক পাঞ্চল। প্ৰথম শ্ৰেণীৰ ৮৮০০ৰো অধিক ৰান সংগ্ৰহ কৰা পাঞ্চলে দলটোক স্থিৰতা প্ৰদান কৰিব।
ভাৰতৰ সম্পূৰ্ণ দলঃ
দীনেশ কাৰ্তিক (অধিনায়ক), ৰবিন উথাপ্পা, ভাৰত চিপলি, ষ্টুয়াৰ্ট বিনি, অভিমন্যু মিথুন, শ্বাহবাজ নদীম, প্ৰিয়ংক পাঞ্চল
টিম ইণ্ডিয়াৰ মেনেজাৰ: কপিল অৰোৰা
এই প্ৰতিযোগিতাত শক্তিশালী প্ৰদৰ্শনেৰে ভাৰতে দ্বিতীয়টো হংকং ছিক্সেছ খিতাপৰ লক্ষ্য ৰাখিব। ইয়াৰ পূৰ্বে ২০০৫ চনত টিম ইণ্ডিয়াই এই খিতাপ দখল কৰিছিল।
হংকং ছিক্সেছ হৈছে দ্ৰুতগতিত চলি থকা ফৰ্মেট, প্ৰতিটো দলত ছয়জন খেলুৱৈ আৰু প্ৰতিটো ইনিংছত ছয় অভাৰ থাকে। ২০২৫ চনৰ সংস্কৰণটো হংকঙত ৭ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ
