নতুন দিল্লী, ১৬ অক্টোবৰ (হি.স.)। আগন্তুক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ছিজনৰ পূৰ্বে লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (এল এছ জি)ত ষ্ট্ৰেটেজিক এডভাইজাৰ হিচাপে যোগদান কৰিছে নিউজিলেণ্ডৰ কিংবদন্তি বেটছমেন কেন উইলিয়ামছনে। ফ্ৰেঞ্চাইজিৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এক পোষ্টযোগে এই খবৰ নিশ্চিত কৰে।
গোয়েংকাই লিখিছে, কেনে দীৰ্ঘদিন ধৰি ছুপাৰ জায়েন্টছ পৰিয়ালৰ অংশ হৈ আহিছে, আৰু আমি তেওঁক কৌশলগত উপদেষ্টা হিচাপে পুনৰ আদৰণি জনাই আনন্দিত হৈছো। তেওঁৰ নেতৃত্ব, কৌশলগত বুজাবুজি, খেলৰ গভীৰ জ্ঞান, আৰু খেলুৱৈক প্ৰেৰণা যোগোৱাৰ ক্ষমতা দলৰ বাবে অমূল্য বুলি প্ৰমাণিত হ’ব।
উইলিয়ামছনে এছ এ ২০ লীগত ছুপাৰ জায়েণ্টছৰ ডাৰবান দলৰ সৈতেও জড়িত হৈ আছে। ৩৫ বছৰীয়া বেটছমেনগৰাকীয়ে অন্তিমবাৰৰ বাবে চলিত বৰ্ষৰ মাৰ্চ মাহত চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত নিউজিলেণ্ডৰ হৈ খেলিছিল। তেওঁ এতিয়াও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱা নাই আৰু নিউজিলেণ্ড ক্ৰিকেটৰ সৈতে আকস্মিক চুক্তিত আছে। ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাত খেলিব নোৱাৰিব যদিও ২৬ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া এদিনীয়া শৃংখলাৰ বাবে ঘূৰি অহাৰ সম্ভাৱনা আছে।
আই পি এলত উইলিয়ামছনৰ বহু অভিজ্ঞতা আছে যদিও বিগত তিনিটা ছিজনত তেওঁৰ অন-ফিল্ড অৱদান সীমিত। ২০২৩ চনৰ আই পি এল ছিজনৰ প্ৰথমখন মেচতে গুজৰাট টাইটানছৰ হৈ খেলি থকাৰ সময়তে তেওঁ আঁঠুৰ আঘাতৰ সন্মুখীন হৈছিল। ২০২৪ চনত মাত্ৰ দুখন মেচ খেলিছিল।২০২৫ চনৰ মেগা নিলামত তেওঁ বিক্ৰী নোহোৱাকৈয়ে গৈছিল। শেহতীয়াকৈ ইংলেণ্ডৰ দ্য হাণ্ড্ৰেড লীগত লণ্ডন স্পিৰিটৰ হৈ ৮ ইনিংছত ২০৪ ৰান সংগ্ৰহ কৰে।
যদিও উইলিয়ামছনৰ কোনো প্ৰশিক্ষক বা সহায়ক কৰ্মচাৰীৰ অভিজ্ঞতা নাই, তথাপিও তেওঁৰ কৌশলগত বুজাবুজি আৰু নেতৃত্বৰ দক্ষতাৰ বাবে তেওঁ বিশ্বজুৰি বিখ্যাত। ২০১৯ চনত নিউজিলেণ্ডক বিশ্বকাপৰ ফাইনেললৈ নেতৃত্ব দিয়াৰ লগতে ২০২১ চনত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত জয়লাভ কৰে।
এতিয়া তেওঁ ঋষভ পণ্টৰ অধিনায়ক আৰু জাষ্টিন লেংগাৰৰ প্ৰশিক্ষক এল এছ জি দলত যোগদান কৰিব। যোৱা দুটা ছিজনত দলটোৱে ভাল প্ৰদৰ্শন কৰা নাই, একেৰাহে সপ্তম স্থান দখল কৰিছে। ফ্ৰেঞ্চাইজিটোৱে আশা কৰিছে যে উইলিয়ামছনৰ কৌশলগত ভূমিকাই দলটোক নতুন দিশ আৰু শক্তি প্ৰদান কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ
