মিয়ামি, ১০ ডিচেম্বৰ (হি.স.)। আৰ্জেণ্টিনাৰ ফুটবল কিংবদন্তি লিয়নেল মেছিয়ে একেৰাহে দ্বিতীয়বাৰৰ বাবে মেজৰ লীগ ছকাৰ (এম এল এছ)ৰ সৰ্বাধিক মূল্যৱান খেলুৱৈ (এম ভি পি) বঁটা লাভ কৰিছে। ইণ্টাৰ মিয়ামীক এম এল এছ খিতাপ দখল কৰাৰ লগতে লীগত সৰ্বাধিক গ’ল দিয়াৰ বাবে মঙলবাৰে মেছিক সন্মানিত কৰা হয়।
৩৮ বছৰীয়া মেছিয়ে দুবাৰকৈ এমএলএছ এমভিপি লাভ কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ইয়াৰ উপৰিও তেওঁ এম এল এছৰ ইতিহাসত দুবাৰকৈ এই বঁটা লাভ কৰা মাত্ৰ দ্বিতীয়জন খেলুৱৈ। ইয়াৰ পূৰ্বে ১৯৯৭ আৰু ২০০৩ চনত কেৱল প্ৰেকিয়েহে এই বঁটা লাভ কৰিছিল।
নিয়মীয়া ছিজনৰ খেলত মেছিয়ে ২৯টা গ’ল আৰু ১৯টা গ’লত সহায় কৰি এম এল এছ গোল্ডেন বুট লাভ কৰে। লগতে নিয়মীয়া ছিজনত গ’ল আৰু এছিষ্ট দুয়োটাতে লীগত আগবাঢ়ি থকা মাত্ৰ দ্বিতীয়জন খেলুৱৈ হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে ২০১৫ চনত টৰন্টো এফ চিৰ চেবাষ্টিয়ান জিঅ’ভিংকোৱে এই অভিলেখ গঢ়িছিল।
অক্টোবৰ মাহত ইণ্টাৰ মিয়ামিৰ সৈতে তিনি বছৰৰ বাবে চুক্তিবদ্ধ হোৱা মেছিয়ে এম এল এছ প্লে অফতো উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল। তেওঁ ৬টা গ’ল আৰু ৯টা এছিষ্ট দিয়ে। যোৱা সপ্তাহৰ শেষৰ ফালে অনুষ্ঠিত হোৱা ফাইনেলত ইন্টাৰ মিয়ামীয়ে ভেংকুৱাৰক ৩-১ গ’লত পৰাস্ত কৰি প্ৰথমটো এম এল এছ কাপ খিতাপ দখল কৰে। মেছিয়ে দুটা গুৰুত্বপূৰ্ণ এছিষ্ট প্ৰদান কৰাৰ লগতে এম এল এছ কাপৰ এমভিপি হিচাপেও নিৰ্বাচিত হয়।
এই বঁটাটোৱে মেছিৰ ইতিমধ্যে আকৰ্ষণীয় ট্ৰফী কেবিনেটত আৰু এটা পাখি যোগ কৰিছে। তেওঁৰ অভিলেখ আঠটা বেলন ডি অ’ৰ বঁটা, তিনিটা ফিফা পুৰুষৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা, দুটা ফিফা বিশ্বকাপ গোল্ডেন বল, তিনিটা ইউএফএ পুৰুষৰ বছৰৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা, ছটা ইউৰোপীয় গোল্ডেন শ্বু বঁটা, ছটা লা লিগা শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা, আৰু ১৫ বাৰ আৰ্জেণ্টিনাৰ বছৰৰ শ্ৰেষ্ঠ ফুটবলাৰ বঁটা লাভ কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
