মানচেষ্টাৰ, ২৮ জুলাই (হি.স.)। মানচেষ্টাৰ টেষ্টৰ অন্তিম দিনটো আছিল ভাৰতীয় দলৰ বাবে অতি বিশেষ। পঞ্চম দিনা দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পূৰ্বে ক্ৰীজত দায়িত্ব গ্ৰহণ কৰি ৱাশ্বিংটন সুন্দৰ আৰু ৰবীন্দ্ৰ জাডেজাৰ যুটিয়ে ৫৫.২ অভাৰত ২০৩ ৰানৰ অংশীদাৰিত্ব গঢ়ি তুলিছিল। এই শক্তিশালী অংশীদাৰিত্বই ভাৰতক পৰাজয়ৰ পৰা ৰক্ষা কৰি ২-২ গ’লত শৃংখলা সমাপ্ত কৰাৰ আশা জীয়াই ৰাখিলে।
কিন্তু মেচৰ অন্তিম ঘণ্টাত যেতিয়া ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কে ড্ৰ’ৰ প্ৰস্তাৱ দিছিল, তেতিয়া জাডেজাই ৮৯ আৰু সুন্দৰে ৮০ ৰান কৰি বেটিং কৰি আছিল। টিম ইণ্ডিয়াই এই প্ৰস্তাৱ নাকচ কৰি বেটিং অব্যাহত ৰাখিছিল, দুয়োজন খেলুৱৈয়ে শতক অৰ্জন কৰিছিল – জাডেজাৰ পঞ্চম টেষ্ট শতক আৰু ৱাশ্বিংটনৰ প্ৰথমটো।
মেচৰ পিছৰ সংবাদমেলত ষ্ট’কছে কয় যে, এই দুয়োজনে বেটিং কৰাৰ ধৰণটো আছিল কল্পনাতীত। তেওঁলোকে আমাৰ অগ্ৰগতি শেষ কৰি ভাৰতক কঠিন পৰিস্থিতিৰ পৰা উলিয়াই আনিলে। শতক হ’লেও বা নহ’লেও কোনো কথা নাই – দলটোক সমস্যাৰ পৰা উলিয়াই অনাটোৱেই আটাইতকৈ ডাঙৰ কৃতিত্ব।
তেওঁ লগতে স্পষ্ট কৰে যে জো ৰুট আৰু হেৰী ব্ৰুকক বল দিয়াটো কৌশলগত সিদ্ধান্ত আছিল কাৰণ তেওঁলোকে ২৫৭ অভাৰ ফিল্ডিং কৰি অ’ভেল টেষ্টৰ পূৰ্বে নিজৰ গুৰুত্বপূৰ্ণ বলাৰসকলক জিৰণি দিব বিচাৰিছে।
ষ্টোকে কয়, আমি জানিছিলোঁ যে এতিয়া মাত্ৰ এটা ফলাফলহে সম্ভৱ – ড্ৰ’। এনে পৰিস্থিতিত মই মোৰ মূল বলাৰসকলক ৰিস্ক ল’ব নোৱাৰিলোঁ।
ভাৰতৰ পৰা পোৱা সঁহাৰি আৰু অধিক আৱেগিক আছিল। প্ৰাক্তন বেটছমেন গৌতম গম্ভীৰ আৰু বৰ্তমানৰ অধিনায়ক শুবমান গিলে দুয়োজন বেটছমেনৰ শতকক সম্পূৰ্ণৰূপে ন্যায্যতা প্ৰদান কৰে।
গম্ভিৰে কয়, যদি কোনো খেলুৱৈ ৯০ বা ৮৫ ৰানত থাকে আৰু ইমান কষ্ট কৰিছে, তেন্তে তেওঁ শতকৰ যোগ্য নহয়নে? ইংলেণ্ডৰ বেটছমেন হ’লে তেওঁলোকো একেদৰেই ওলাই আহিলহেঁতেননে?
অধিনায়ক শুভমন গিলে এই ড্ৰ’ক দলটোৰ বাবে “শিক্ষণৰ সুযোগ” বুলি অভিহিত কৰে। তেওঁ কয়, এই ছিৰিজত প্ৰথমবাৰৰ বাবে আমি আৰম্ভণিৰে পৰাই হেঁচাত জীয়াই থাকিবলগীয়া হৈছিল। পঞ্চম দিনৰ পিটচত প্ৰতিটো বল এটা ইভেণ্টৰ দৰে আছিল। আমি বল বাই বল খেলি যিমান পাৰো মেচখন টানি নিয়াৰ সিদ্ধান্ত লৈছিলো।
এতিয়া শৃংখলা ২-১ত আৰু ভাৰতে অন্তিমখন টেষ্টত জয়লাভ কৰি ২-২ গ’লত সমতা স্থাপন কৰাৰ সুযোগ পাব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
