বিশাখাপট্টনম, ২৬ অক্টোবৰ (হি.স.)। মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত দেওবাৰে ইংলেণ্ডে নিউজিলেণ্ডৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ কৰে । বিশাখাপট্টনমত অনুষ্ঠিত খেলখনত প্ৰথম বেটিং কৰি নিউজিলেণ্ডে ৩৮.২ অভাৰত ১০টা উইকেটৰ আটাইকেইটা উইকেট হেৰুৱাই ১৬৮ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত ইংলেণ্ডে মাত্ৰ ২৯.২ অভাৰত ২ উইকেট হেৰুৱাই ১৭২ ৰান সংগ্ৰহ কৰি লক্ষ্যত উপনীত হয়। ইংলেণ্ড মহিলা দলটোৱে এতিয়া ২৯ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ছেমি ফাইনেল খেলখনৰ বাবে অপেক্ষাত আছে ।
১৬৯ ৰানৰ লক্ষ্য খেদি খেদি ইংলেণ্ডৰ অ’পেনাৰ এমি জ’নছ আৰু টেমি বিউমণ্টে এক সুদৃঢ় আৰম্ভণি আগবঢ়ায়। প্ৰথম উইকেটৰ বাবে জ’নছ আৰু বিউমণ্টে ৭৫ ৰানৰ অংশীদাৰিত্ব ভাগ কৰিছিল। ৩৮ বলত ৪০ ৰান সংগ্ৰহ কৰি আউট হয় বিউমণ্ট। হিদাৰ নাইটেও জ’নৰ সৈতে দ্বিতীয় উইকেটৰ বাবে ৮৩ ৰানৰ শক্তিশালী অংশীদাৰিত্ব ভাগ কৰিছিল। অৱশ্যে ৪০টা বলত ৩৩ ৰান সংগ্ৰহ কৰি ২৮ নং অভাৰত ৰান ত্যাগ কৰে। ইয়াৰ পাছতে এমি জ’নে ৯২টা বলত অপৰাজিত ৮৬ ৰান কৰি জয় নিশ্চিত কৰে।
নিউজিলেণ্ডৰ হৈ লিয়া টাহুহু আৰু ছফী ডেভিনৰ এটাকৈ উইকেট দখল –
ইয়াৰ পূৰ্বে নিউজিলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ বাছি লৈছিল। নিউজিলেণ্ডে সম্পূৰ্ণ ৫০ অভাৰ সম্পূৰ্ণ খেলিব নোৱাৰিলে আৰু ৩৮.২ অভাৰত ১৬৮ অভাৰত আউট হৈ পৰে। জৰ্জিয়া প্লাইমাৰে (৪৩) সৰ্বাধিক স্ক’ৰ কৰাৰ বিপৰীতে আমেলিয়া কেৰ (৩৫) আৰু ছফী ডেভিনে (২৩)ও উল্লেখযোগ্য অৱদান আগবঢ়াইছে। কিন্তু এই তিনিজন আউট হোৱাৰ পাছত নিউজিলেণ্ডে সংগ্ৰাম কৰি ধাৰাবাহিকভাৱে উইকেট হেৰুৱাইছিল।
ইংলেণ্ডৰ হৈ লিনচি স্মিথে তিনিটা, এলিছ কেপছি আৰু অধিনায়ক নেট স্কাইভাৰ-ব্ৰাণ্টে দুটাকৈ উইকেট দখল কৰে আৰু চাৰ্লি ডিন আৰু ছফী একলেষ্টনে এটাকৈ উইকেট দখল কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ
