ৰাঁচী (ঝাৰখণ্ড), ২৭ অক্টোবৰ (হি.স.)। ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত প্ৰথমবাৰৰ বাবে আয়োজিত মহিলা এছিয়ান হকী চেম্পিয়নছ ট্ৰফীৰ শুকুৰবাৰে বৰ্ণাঢ্য আৰম্ভণি হয়। প্ৰথমখন খেল ডিফেণ্ডিং চেম্পিয়ন জাপান আৰু মালয়েছিয়াৰ মাজত অনুষ্ঠিত হয়। জাপানে মালয়েছিয়াক ৩-০ গ’লত পৰাস্ত কৰি মেচখনত এক সুন্দৰ আৰম্ভণি কৰে। মেচখনত কৰা উৎকৃষ্ট খেলৰ বাবে নাগাই হাজুকিয়ে খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ লাভ কৰে।
মেচখনত ১৩ মিনিটত অগাৱা ৰিকাই জাপানৰ দলটোক অগ্ৰগতি প্ৰদান কৰে। এইটোৱেই আছিল প্ৰতিযোগিতাখনৰ প্ৰথমটো গ’ল। বিৰতিৰ সময়লৈকে জাপানে ১-০ গ’লত আগবাঢ়ি আছিল। আনকি খেলৰ দ্বিতীয়াৰ্ধতো জাপানৰ দলটোৱে আক্ৰমণ অব্যাহত ৰাখিছিল। ৪৩ মিনিটত ট’ৰিয়ামা মেইয়ে এক উজ্জ্বল গ’ল দি দলটোৰ অগ্ৰগতি ২-০লৈ আনে। খেলখনৰ শেষৰ ৫৪ মিনিটত পেনাল্টি কৰ্ণাৰত শ্বিহোৱে গ’ল দি দলটোক ৩-০ গ’লত বৃহৎ জয় প্ৰদান কৰে।
এই সময়ছোৱাত মোহৰাবাদীত অৱস্থিত মৰাং গোমকে জয়পাল সিং এষ্ট্ৰ’টাৰ্ফ হকী ষ্টেডিয়াম দৰ্শকেৰে ভৰি পৰিছিল। লগতে খেলপথাৰত স্থাপন কৰা এল ই ডি স্ক্ৰীণত ৰাইজে খেলখন চাইছিল। খেলুৱৈসকলে নিজৰ উজ্জ্বল ক্ৰীড়া প্ৰদৰ্শনেৰে ৰাইজৰ হৃদয় জয় কৰিছিল। চিয়াৰলিডাৰসকলেও দৰ্শকক উৎসাহিত কৰে।
হিন্দুস্থান সমাচাৰ/বন্দনা/মনোজ/অৰবিন্দ
