মেলবৰ্ণ, ০৭ অক্টোবৰ (হি.স.)। ভাৰতৰ বিৰুদ্ধে তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ বাবে দললৈ ঘূৰি আহিছে অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিচেল ষ্টাৰক। ১৯ অক্টোবৰত পাৰ্থত আৰম্ভ হ’ব এই শৃংখলা। আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পিছত ১৫ জনীয়া দলটোত ষ্টাৰক, মেথিউ শ্বৰ্ট আৰু মিচেল ওৱেনক অন্তৰ্ভুক্ত কৰা হৈছে। মেথিউ ৰেনশ্ব’কো দলত অন্তৰ্ভুক্ত কৰা হৈছে, আৰু মিচেল মাৰ্ছে দলটোক নেতৃত্ব দি থাকিব।
আগন্তুক পুৰুষ টি-২০ বিশ্বকাপ ২০২৬ৰ প্ৰস্তুতিৰ অংশ হিচাপে ২৯ অক্টোবৰৰ পৰা ৮ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া পাঁচখন খেলৰ টি-২০ শৃংখলাৰ প্ৰথম দুখন মেচৰ বাবেও ক্ৰিকেট অষ্ট্ৰেলিয়াই ঘোষণা কৰিছে।
চলিত ছিজনৰ এইটো হ’ব ষ্টাৰকৰ প্ৰথমটো এচাইনমেণ্ট। এই গ্ৰীষ্মকালীন এছেছ ছিৰিজৰ বাবে নিজৰ ফিটনেছ আৰু কৰ্মবোজা পৰিচালনা কৰিবলৈ তেওঁ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পৰা বিৰতি লৈছিল। মন কৰিবলগীয়া যে ষ্টাৰকে ইতিমধ্যে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।
আগষ্ট মাহত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা শেষৰ এদিনীয়া ভ্ৰমণত দলটোৰ অংশ হিচাপে থকা মাৰ্নাছ লাবুশ্বেন, শ্বেন এবট, এৰন হাৰ্ডি, মেথিউ কুহনেমেনকে ধৰি কিছুমান খেলুৱৈক এদিনীয়া দলৰ পৰা বাদ দিয়া হৈছে।
অষ্ট্ৰেলিয়া এদিনীয়া দল:
মিচেল মাৰ্ছ (অধিনায়ক), জেভিয়াৰ বাৰ্টলেট, এলেক্স কেৰী, কুপাৰ কনলি, বেন ড্ৱাৰ্শ্বুইছ, নাথান এলিছ, কেমেৰন গ্ৰীণ, জোছ হেজলউড, ট্ৰেভিছ হেড, জোছ ইংলিছ, মিচেল ওৱেন, মেথিউ ৰেনশ্ব, মেথিউ শ্বৰ্ট, মিচেল ষ্টাৰক, এডাম জাম্পা।
অষ্ট্ৰেলিয়া টি-২০ দল (প্ৰথম দুখন মেচ):
মিচেল মাৰ্ছ (অধিনায়ক), শ্বেন এবট, জেভিয়াৰ বাৰ্টলেট, টিম ডেভিদ, বেন ড্ৱাৰ্চুইছ, নাথান এলিছ, জোছ হেজলউড, ট্ৰেভিছ হেড, জোছ ইংলিছ, মেথিউ কুহনেমেন, মিচেল ওৱেন, মেথিউ শ্বৰ্ট, মাৰ্কাছ ষ্ট’ইনিছ, এডাম জাম্পা।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
