হাংঝু, ২৮ অক্টোবৰ (হি.স.)। ভাৰতীয় পেৰা এথলীটসকলে শনিবাৰে এছিয়ান পেৰা গেমছত ১০০ সংখ্যক পদক লাভ কৰি ইতিহাস ৰচনা কৰে। দিলীপ মহাদু গাভিটে ভাৰতৰ হৈ সোণৰ পদক লাভ কৰি ভাৰতৰ হৈ ঐতিহাসিক ১০০ সংখ্যক পদক লাভ কৰে।
পুৰুষৰ ৪০০ মিটাৰ টি৪৭ ইভেণ্টত স্বৰ্ণ পদক লাভ কৰে গাভিটে। তেওঁ ৪৯.৪৮ ছেকেণ্ডৰ উৎকৃষ্ট সময়েৰে স্বৰ্ণ পদক লাভ কৰে। প্ৰথমবাৰৰ বাবে ভাৰতীয় পেৰা দলটোৱে ১০০টা পদক লাভ কৰি এতিয়ালৈকে তেওঁলোকৰ পেৰা এছিয়ান গেমছৰ সৰ্বাধিক সফল অভিযান হিচাপে পৰিগণিত হৈছে। বাতৰি লিখাৰ সময়লৈকে ভাৰতে ২৬টা স্বৰ্ণ, ২৯টা ৰূপ আৰু ৪৫টা ব্ৰঞ্জৰ পদক লাভ কৰিছে।
ইয়াৰ পূৰ্বে ২০১৮ চনত জাকাৰ্টাত অনুষ্ঠিত পেৰা গেমছত ভাৰতে ১৫টা সোণ, ২৪টা ৰূপ আৰু ৩৩টা ব্ৰঞ্জসহ ৭২টা পদক লাভ কৰিছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সাফল্যক অভিনন্দন জনাই কয় যে এই বিজয় সকলোৰে বাবে প্ৰেৰণা হ’ব।
টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে লিখিছে, এছিয়ান পেৰা গেমছত ১০০ পদক! অতুলনীয় আনন্দৰ মুহূৰ্ত। এই সফলতা আমাৰ খেলুৱৈসকলৰ প্ৰতিভা, কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাৰ ফল। এই উল্লেখযোগ্য মাইলৰ খুঁটিয়ে আমাৰ হৃদয় অপৰিসীম গৌৰৱেৰে ভৰাই তোলে। মই মোৰ গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো। আমাৰ অবিশ্বাস্য খেলুৱৈ, প্ৰশিক্ষক, আৰু তেওঁলোকৰ সৈতে কাম কৰা সমগ্ৰ সমৰ্থন ব্যৱস্থাৰ প্ৰতি কৃতজ্ঞতা। এই জয়সমূহে আমাক সকলোকে অনুপ্ৰাণিত কৰে। এইবোৰে এটা সোঁৱৰণী হিচাপে কাম কৰে যে আমাৰ যুৱক-যুৱতীসকলৰ বাবে যিকোনো কামেই অসম্ভৱ নহয়।
ইফালে, সন্মানীয় গেমছৰ অন্তিম দিনটোত ভাৰতৰ বাবে পদকৰ বৰষুণ অব্যাহত থাকে। ইয়াৰ পূৰ্বে শনিবাৰে পি আৰ ৩ মিক্সড ডাবলছ স্কালত ৰোয়াৰ অনিতা আৰু নাৰায়ণ কংগনাপলে ৰূপৰ পদক লাভ কৰে। মিক্সড ডাবলছৰ যুটিটোৱে ৮:৫০.৭১ ছেকেণ্ডত প’ডিয়াম সম্পূৰ্ণ কৰে।
হিন্দুস্থান সমাচাৰ / সুনীল/মনোজ/অৰবিন্দ
