নতুন দিল্লী, ২১ জুলাই (হি স)। এইবাৰ ভাৰতে আয়োজন কৰিব ২০২৫ চনত ফিডে ৱৰ্ল্ড কাপ। এই সন্মানীয় দবা প্ৰতিযোগিতাখন ২০২৫ চনৰ ৩০ অক্টোবৰৰ পৰা ২৭ নৱেম্বৰলৈকে অনুষ্ঠিত হ’ব। এই বিশ্বকাপত ২০৬ গৰাকী খেলুৱৈয়ে খিতাপ আৰু ২০২৬ চনৰ ফিডে প্ৰাৰ্থী প্ৰতিযোগিতাত স্থান লাভৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে ২০০২ চনত হায়দৰাবাদত ভাৰতে এই প্ৰতিযোগিতা আয়োজন কৰিছিল, য’ত বিশ্বনাথন আনন্দই খিতাপ দখল কৰিছিল।
প্ৰতিযোগিতাখন নকআউট ফৰ্মেটত অনুষ্ঠিত হ’ব, য’ত প্ৰতিটো ৰাউণ্ডত পৰাস্ত হোৱা খেলুৱৈক প্ৰতিযোগিতাৰ পৰা বাহিৰ কৰা হ’ব।
ফিডে ৰ মতে, ২০২১ চনৰ পৰা প্ৰতিযোগিতাখন একক-এলিমিনেচন ফৰ্মেটত খেলা হৈছে, প্ৰতিটো ৰাউণ্ড তিনিদিনীয়া হ’ব—প্ৰথম দুদিনত দুখন ধ্ৰুপদী খেল আৰু প্ৰয়োজন হ’লে তৃতীয় দিনা টাই-ব্ৰেক মেচ। বিশ্বকাপ ২০২৫ৰ শীৰ্ষ ৩ খেলুৱৈয়ে পোনপটীয়াকৈ ২০২৬ চনৰ প্ৰাৰ্থী প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰিব, যিয়ে বিশ্ব দবা চেম্পিয়নশ্বিপৰ পৰৱৰ্তী প্ৰত্যাহ্বানকাৰী নিৰ্ধাৰণ কৰে। এই প্ৰতিযোগিতাত ডি গুকেশ (বৰ্তমানৰ বিশ্ব চেম্পিয়ন), আৰ প্ৰাগনানন্ধা (২০২৩ বিশ্বকাপৰ ৰানাৰ্ছ আপ) আৰু অৰ্জুন এৰিগাইছি (বৰ্তমান বিশ্ব ৰেংকিঙত ৫ নম্বৰ)ৰ দৰে প্ৰবীণ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও বিশ্বৰ ১ নম্বৰ মেগনাছ কাৰ্লচেনেও খেলিব।
ভাৰতে শেহতীয়া বছৰবোৰত কেইবাখনো ডাঙৰ দবা প্ৰতিযোগিতা আয়োজন কৰিছে, য’ত ২০২২ চনৰ দবা অলিম্পিয়াড, টাটা ষ্টীল দবা ইণ্ডিয়া, ২০২৪ চনৰ বিশ্ব জুনিয়ৰ ২০ বছৰ অনুৰ্ধ চেম্পিয়নশ্বিপ, আৰু ফিডে মহিলা গ্ৰেণ্ড প্ৰিক্সৰ ৫ম পৰ্যায়ৰ আয়োজন কৰা হৈছে।
ফিডেৰ চিইঅ’ এমিল ছুট’ভস্কিয়ে কয়, ‘ফিডে বিশ্বকাপ ২০২৫ ভাৰতলৈ আনিবলৈ পাই আমি অত্যন্ত উৎসাহিত হৈছো। দবাৰ প্ৰতি ভাৰতৰ জনসাধাৰণৰ প্ৰবল আগ্ৰহ আৰু সমৰ্থন সদায় প্ৰশংসনীয় হৈ আহিছে। আমি আশা কৰিছো যে এই প্ৰতিযোগিতাখনে খেলপথাৰতেই হওক বা অনলাইনতেই হওক, সকলোতে সুন্দৰ সঁহাৰি লাভ কৰিব।”
প্ৰথম ৰাউণ্ডত শীৰ্ষ ৫০ গৰাকী খেলুৱৈয়ে বাই লাভ কৰাৰ বিপৰীতে ৫১ৰ পৰা ২০৬ ৰেংকিঙৰ খেলুৱৈয়ে প্ৰথম ৰাউণ্ডত মুখামুখি হ’ব। মেচসমূহৰ বাবে যোৰ বনোৱাৰ সময়ত শীৰ্ষ অৰ্ধ বনাম ওলোটা তলৰ অৰ্ধৰ নীতি অনুসৰণ কৰা হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
