• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > ব্ৰেম্পটন ব্লিটজৰ মণ্ট্ৰিয়েল ৰয়েল টাইগাৰছক পৰাস্ত কৰি উদ্বোধনী কানাডা ছুপাৰ ৬০ লীগৰ খিতাপ দখল
Sports

ব্ৰেম্পটন ব্লিটজৰ মণ্ট্ৰিয়েল ৰয়েল টাইগাৰছক পৰাস্ত কৰি উদ্বোধনী কানাডা ছুপাৰ ৬০ লীগৰ খিতাপ দখল

CliQ INDIA
Last updated: October 16, 2025 4:56 am
CliQ INDIA
Share
3 Min Read
SHARE

ভেংকুৱাৰ, ১৫ অক্টোবৰ (হি.স.)। ব্ৰেম্পটন ব্লিটজে মঙলবাৰে নিশা (ভাৰতৰ সময় অনুসৰি বুধবাৰে) মণ্ট্ৰিয়েল ৰয়েল টাইগাৰছক ৮ উইকেটত পৰাস্ত কৰি উদ্বোধনী কানাডা ছুপাৰ ৬০ প্ৰতিযোগিতাত জয়লাভ কৰে। বি চি প্লেচত অনুষ্ঠিত চূড়ান্ত খেলখনত ব্ৰেম্পটন ব্লিটজে মণ্ট্ৰিয়েল ৰয়েল টাইগাৰছক ৮ উইকেটত পৰাস্ত কৰে।

প্ৰথমে বেটিং কৰা টাইগাৰছৰ মাত্ৰ ৬৯ ৰানত বল আউট হয়। ব্ৰেম্পটনৰ বলাৰসকলে সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়। ডিলান হেইলিগাৰে মাত্ৰ ৯ ৰানত ৪ উইকেট দখল কৰে। ডেভিড উইজে ৬ ৰানত তিনিটা উইকেট দখল কৰাৰ বিপৰীতে ক্ৰীছ গ্ৰেভছে ১৬ ৰানত তিনিটা উইকেট দখল কৰি টাইগাৰছক মাত্ৰ ৮ অভাৰত সীমাবদ্ধ কৰে। বেটছমেনৰ ভিতৰত মাত্ৰ ছাকিব আল হাছানে (২৯ ৰান, ১২ বল) আৰু দিলপ্ৰীত বাজৱা (১৮ ৰান, ৮ বল)হে ডাবল ফিগাৰত উপনীত হয়।

লক্ষ্য খেদি খেদি ব্ৰেম্পটন ব্লিটজে মাত্ৰ ৫.৫ অভাৰত জয়লাভ কৰে। মাৰ্টিন গুপটিলে ২৩ ৰান (১৩ বল)ৰ অপৰাজিত ইনিংছ খেলাৰ বিপৰীতে জেমছ ভিন্সে ৩৪ ৰান (১৬ বল) সংগ্ৰহ কৰে য’ত চাৰিটা চাৰি আৰু দুটা ছয় অন্তৰ্ভুক্ত। এলেক্স ডেভিছে ছয় মাৰি দলটোক জয়ী ফিনিচিং দিলে।

ছেমি ফাইনেলত গুপটিল আৰু স্মিডৰ বিস্ফোৰক বেটিং

দিনটোৰ প্ৰথমটো ছেমি ফাইনেলত ব্ৰেম্পটন ব্লিটজে মিচিছাগা মাষ্টাৰছক ৯ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ১৪৮ ৰানৰ লক্ষ্য খেদি খেদি মাৰ্টিন গুপটিলে (৭৯ ৰান, ২৫ বল) আৰু উইল স্মিডে (৬৩ ৰান, ২১ বল) মাত্ৰ ৬.৫ অভাৰত ১৪১ ৰানৰ অংশীদাৰিত্বৰে খেলখন প্ৰায় ছীল কৰে। গুপটিলে ১১টা ছয় আৰু দুটা চাৰিৰ বিপৰীতে স্মিডে আঠটা ছয় আৰু এটা চাৰিটা ৰান কৰে।

ইয়াৰ পূৰ্বে লিউছ ডি প্ল’ই (৪৩) আৰু চিকন্দাৰ ৰাজাই (২৯) মাষ্টাৰছৰ বাবে দ্ৰুত আৰম্ভণিৰ সুবিধা প্ৰদান কৰিছিল। শুভম ৰঞ্জনে (২৫) আৰু ৰিয়ান পাথানে (১৯) বলৰ দ্ৰুত কাম কৰি স্ক’ৰ ১৪৮ লৈ বৃদ্ধি কৰে।ব্ৰেম্পটনৰ হৈ পিয়ুষ চাওলাই ২ অভাৰত ৩/২৩ ৰান সংগ্ৰহ কৰে।

মণ্ট্ৰিয়েল ৰয়েল টাইগাৰছে ভেংকুৱাৰ কিংছক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে

প্ৰথমখন ছেমি ফাইনেলত মণ্ট্ৰিয়েল ৰয়েল টাইগাৰছে ভেংকুৱাৰ কিংছক ২৪ ৰানত পৰাস্ত কৰে। নিক হবছনে ২৩টা বলত ৫০ ৰান সংগ্ৰহ কৰি দলটোক ১০০/৬ ৰানলৈ লৈ যায়। কিংছৰ হৈ বাল্টেজ সিঙে ৩/২১ৰ সংখ্যা লাভ কৰি উজ্জ্বল বলিং কৰে।

ইয়াৰ উত্তৰত ভেংকুৱাৰে ছাকিব আল হাছান (২/৫) আৰু ৰিয়ান হিগিন্স (২/১৬)ৰ সঠিক বলিং সহ্য কৰিব নোৱাৰিলে, ১০ অভাৰত মাত্ৰ ৭৬/৭ ৰানহে কৰিবলৈ সক্ষম হয়। মেক্স চু (২৫), অবুছ পিয়েনাৰ (২০), আৰু জস্কৰদ্বীপ সিং (১৬)ৰ প্ৰচেষ্টা অসাৰ হৈ পৰিল।

ছিজন বঁটা:

সৰ্বাধিক মূল্যৱান খেলুৱৈ : ডেভিদ ভিজি (১৪৯ ৰান, ৯ উইকেট) – ব্ৰেম্পটন ব্লিটজ

শীৰ্ষ স্ক’ৰাৰ : লিউছ ডি প্লয় (২৩৮ ৰান, ৬ ইনিংছ) – মিচিছাগা মাষ্টাৰছ

শীৰ্ষ উইকেট লোৱা : ডিলান হেইলিগাৰ (১৩ উইকেট, ৭ মেচ) – ব্ৰেম্পটন ব্লিটজ

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

পাকিস্তানৰ বিৰুদ্ধে মেচ বিজয়ী ইনিংছৰ পিছত কোহলীয়ে কয় – গুৰুত্বপূৰ্ণ মেচত এনেদৰে বেটিং কৰাটো বৰ ভাল আছিল | BulletsIn
ইউ এছ অ’পেন ২০২৫: আয়ুষ শ্বেট্টীৰ প্ৰথম খিতাপ অৰ্জন, তনভি শৰ্মা ৰানাৰ্ছ আপ
ভৱ্য ট্ৰফী যাত্ৰাৰ সৈতে পুনৰ ইম্ফললৈ উভতি আহিছে ডুৰাণ্ড কাপ
অধিনায়ক নীতিশ ৰানাৰ অল ৰাউণ্ড প্ৰদৰ্শনৰ বলত পশ্চিম দিল্লী লায়ন্সৰ ডি পি এল ২০২৫ খিতাপ দখল
ভাৰত-শ্ৰীলংকা ক্ৰিকেট মেচ, ভাৰত দল শ্ৰীলংকা ভ্ৰমণ | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মীৰ গুলীত নিহত চোৰাং চিকাৰী
Next Article ৰণবীৰ সিঙৰ আগন্তুক ছবিৰ ফাৰ্ষ্ট লুক প্ৰকাশ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?