নতুন দিল্লী, ০৪ ডিচেম্বৰ (হি.স.)। ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ অৰ্জুন এৰিগেছিয়ে বুধবাৰে ফাইনেলত প্ৰাক্তন বিশ্ব চেম্পিয়ন বিশ্বনাথন আনন্দক পৰাস্ত কৰি জেৰুজালেম মাষ্টাৰছ ২০২৫ খিতাপ দখল কৰে।
ৰেপিড ষ্টেজৰ প্ৰথম দুখন খেলত ড্ৰ’ কৰাৰ পিছত প্ৰথমখন ব্লিটজ গেমত বগা টুকুৰাৰে নিৰ্ণায়ক জয়লাভ কৰে এৰিগেছিয়ে। দ্বিতীয়খন ব্লিটজ খেলতো তেওঁৰ অৱস্থা ভাল আছিল যদিও খিতাপ নিশ্চিত কৰিবলৈ নিৰাপদ ড্ৰ’ মানি লৈছিল।
এই খিতাপ জয়ৰ সৈতে ২২ বছৰীয়া এৰিগেচিয়ে লাভ কৰে ৫৫ হাজাৰ মাৰ্কিন ডলাৰৰ পুৰস্কাৰৰ ধন ৰাশি।
ফাইনেলত প্ৰৱেশ কৰিবলৈ এৰিগেছিয়ে ছেমি ফাইনেলত ৰাছিয়াৰ পিটাৰ স্ভিডলাৰক পৰাস্ত কৰাৰ বিপৰীতে আনন্দই দ্বিতীয় ছেমি ফাইনেলত ইয়ান নেপমনিয়াচ্চিক পৰাস্ত কৰে। দুয়োগৰাকী ভাৰতীয় খেলুৱৈয়ে নিজ নিজ ছেমি ফাইনেলৰ দ্বিতীয়খন ৰেপিড খেলত জয়লাভ কৰে।
তৃতীয় স্থানৰ মেচখনত স্ভিডলাৰে স্বদেশৰ নেপ’মনিয়াচ্চিক ২.৫-১.৫ পইণ্টত পৰাস্ত কৰে। দ্বিতীয়খন ব্লিটজ খেলত তেওঁ নিৰ্ণায়ক অগ্ৰগতি লাভ কৰে।
স্ভিডলাৰে প্ৰাৰম্ভিক ৰাউণ্ড ৰবিন পৰ্যায়ত ৮/১১ স্ক’ৰেৰে শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে নেপ’মনিয়াচ্চি, আনন্দ আৰু এৰিগেচিয়ে ৭.৫/১১ স্ক’ৰেৰে দ্বিতীয় স্থান লাভ কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ
