– প্ৰথম দিনাই ভাৰত ৩১০/৫, শুভমন গিল ১১৪ আৰু ৰবীন্দ্ৰ জাডেজা ৪১* ক্ৰীজত
বাৰ্মিংহাম, ০৩ জুলাই (হি.স.)। ভাৰত আৰু ইংলেণ্ডৰ মাজত দ্বিতীয়খন টেষ্টৰ প্রথম দিনাই ভাৰতীয় বেটছমেন সকলৰ চমক দেখা গ’ল ৷ অধিনায়ক শুভমন গিলে পুনৰবাৰ এক উজ্জ্বল শতক (১১৪*) অৰ্জন কৰি নিজৰ নেতৃত্ব শক্তিশালী কৰাৰ বিপৰীতে যশস্বী জয়ছোৱালৰ ৮৭ ৰানৰ আগ্ৰাসী ইনিংছত টিম ইণ্ডিয়াই শক্তিশালী আৰম্ভণি কৰে। দিনটোৰ খেলৰ শেষলৈকে ভাৰতে ৫টা উইকেট হেৰুৱাই ৩১০ ৰান সংগ্ৰহ কৰিছে।
ইংলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতৰ হৈ যশস্বী জয়ছোৱাল আৰু কে এল ৰাহুলে ইনংছ মুকলি কৰিবলৈ ওলাই আহিছিল যদিও লিডছৰ টেষ্টৰ নায়ক ৰাহুলে মাত্ৰ ২ ৰান সংগ্ৰহ কৰি এইবাৰ পেভিলিয়নলৈ উভতি আহে।
৩১ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলা কৰুণ নাইৰে জয়ছোৱালৰ সৈতে ৮০ ৰানৰ অংশীদাৰিত্ব ভাগ কৰি ৩ নম্বৰত সুযোগ লাভ কৰে। যশস্বীয়েও ৰেপিড ষ্টাইলত খেলি ৮৭ ৰান সংগ্ৰহ কৰি ইংৰাজ বলাৰসকলক বেকফুটত ঠেলি দিয়ে।
ঋষভ পন্তই আক্রমণাত্মক খেলি ক্ষিপ্ৰতাৰে ৰান সংগ্ৰহ কৰে যদিও ২৫ ৰান সংগ্ৰহ কৰি আউট হয়। যুৱক নীতিশ কুমাৰ ৰেড্ডীয়েও সুযোগ পাইছিল যদিও মাত্ৰ ০১ ৰান সংগ্ৰহ কৰি বাহিৰলৈ ওলাই আহিছিল।
তাৰ পাছত পঞ্চম উইকেট খহি পৰাৰ পাছত শুবমান গিল আৰু ৰবীন্দ্ৰ জাডেজাই ভাৰতীয় ইনিংছত স্থিৰতা কঢ়িয়াই আনে। এই পৰ্যন্ত দুয়োৰে মাজত ৯৯ ৰানৰ অপৰাজিত অংশীদাৰিত্ব হৈছে। অধিনায়ক গিল ডাঙৰ ফৰ্মত থকাৰ বিপৰীতে জাডেজাই ধৈৰ্য্য আৰু আক্ৰমণাত্মকতাৰ এক বৃহৎ ভাৰসাম্যও দেখুৱাইছে। ক্ৰীজত আছে গিল ১১৪ ৰান আৰু ৰবীন্দ্ৰ জাদেজা ৪১ ৰানেৰে।
ইংলেণ্ডৰ হৈ ক্ৰীছ ৱ’কেছে সৰ্বাধিক দুটা উইকেট দখল কৰাৰ বিপৰীতে ব্ৰাইডন কাৰ্ছ, বেন ষ্ট’কছ আৰু শ্বোয়াইব বছিৰে এটাকৈ উইকেট লাভ কৰে। অৱশ্যে যোৱা অধিবেশনত গিল আৰু জাডেজাৰ অংশীদাৰিত্বত ক্লান্ত হৈ পৰিছিল ইংৰাজ বলাৰসকল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
