মিয়ামি, ০২ জুলাই (হি.স.)। গ’নজালো গাৰ্চিয়াৰ ৫৪ মিনিটত চমকপ্ৰদ হেডাৰৰ বাবেই মঙলবাৰে নিশা হাৰ্ড ৰক ষ্টেডিয়ামত জুভেন্টাছ এফ চিক ১-০ গ’লত পৰাস্ত কৰি ফিফা ক্লাব বিশ্বকাপ ২০২৫ৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে ৰিয়েল মাদ্রিদে।
প্ৰশিক্ষক জাবি এল’নছ’ৰ নেতৃত্বত মাদ্ৰিদৰ দলটোৱে গোটেই খেলখনত আকৰ্ষণীয় খেল প্ৰদৰ্শন কৰে। মেচখনৰ আন এক ডাঙৰ খবৰ আছিল অসুস্থতাৰ বাবে প্ৰথমখন মেচত বাহিৰ হোৱা তাৰকা ফৰৱাৰ্ড কাইলিয়ান এমবাপেৰ উভতি অহা। ৬৮ মিনিটত বিকল্প হিচাপে খেলপথাৰত প্ৰৱেশ কৰে এমবাপে আৰু এই প্ৰতিযোগিতাখনত তেওঁৰ প্ৰথম প্ৰদৰ্শন।
প্ৰথমাৰ্ধত খেলখন সমান হয়। ইগ’ৰ টিউডাৰৰ প্ৰশিক্ষকতাত জুভেন্টাছে আক্ৰমণাত্মক আৰম্ভণি কৰিছিল যদিও হাফ টাইমৰ পূৰ্বে ৰিয়েলে ছন্দ ধৰিছিল।
প্ৰথম মিনিটত জুভেন্টাছৰ ৰেণ্ডেল ক’ল’ মুয়ানীয়ে কেনান য়িলডিজৰ এক সুন্দৰ পাছত গ’ল দিয়াৰ সুযোগ লাভ কৰে যদিও তেওঁ থিবো ক’ৰ্টোৱাক চিপ কৰিবলৈ চেষ্টা কৰে আৰু বলটো বাৰৰ ওপৰেৰে যায়। ইয়াৰ পিছতে য়িল্ডিজে মিডফিল্ডৰ পৰা স্প্ৰিণ্ট কৰি শক্তিশালী শ্বট এটা মাৰে, যিটো শ্বট অ’ৰেলিয়ান চৌমেনীৰ পৰা আঁতৰি যায়।
জুভেন্টাছ এফ চিয়ে বলটো ভালদৰে ধৰি ৰাখিছিল যদিও লাহে লাহে ৰিয়েলে খেলখন নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰে। জুড বেলিংহামে ডি গ্ৰেগ’ৰিয়াক ওচৰৰ পৰা ৰক্ষা কৰিবলৈ বাধ্য কৰাৰ বিপৰীতে ফেডেৰিকো ভালভাৰ্ডেও দীৰ্ঘ দূৰত্বৰ পৰা গ’লৰক্ষকক পৰীক্ষা কৰে। ট্ৰেণ্ট আলেকজেণ্ডাৰ-আৰ্নল্ডৰ লো ক্ৰছটোও বিপজ্জনক আছিল যদিও আধা সময়লৈকে স্ক’ৰ ০-০ হৈ থাকে।
দ্বিতীয়াৰ্ধত আৰম্ভণিৰ পৰাই ৰিয়েলে হেঁচা অব্যাহত ৰাখিছিল। বেলিংহামে ভালভাৰ্ডেক পাছ দিলে, যাৰ শ্বট অলপ বহল হৈ গ’ল। ইয়াৰ পিছত বেলিংহামৰ আন এক প্ৰচেষ্টা ডি গ্ৰেগ’ৰিয়ে বন্ধ কৰি দিয়ে। ডিন হুইচেনৰ ৰকেটিং শ্বটটোও ৰক্ষকে পেৰ আউট কৰে।
অৱশেষত ৫৪ মিনিটত ৰিয়েলে সফলতা লাভ কৰে যেতিয়া সোঁফালৰ পৰা আলেকজেণ্ডাৰ-আৰ্নল্ডৰ ক্ৰছ গ’নজালোৱে উৎকৃষ্ট টাইমিংৰে হেড কৰি দিয়ে। প্ৰতিযোগিতাখনৰ চাৰিখন মেচত গনজালোৰ এইটোৱেই আছিল তৃতীয়টো গ’ল।
জুভেন্টাছ এফ চিয়েও পুনৰ উভতি অহাৰ চেষ্টা কৰিছিল, য’ত পৰ্তুগীজ উইংগাৰ ফ্ৰান্সিস্কো কনচেইকাওৰ লো শ্বটটো ক’ৰ্ট’য়াই উজ্জ্বলভাৱে ৰখাইছিল। ৰিয়েলৰ হৈ ভালভাৰ্ডে আকৌ এবাৰ অভাৰহেড কিকেৰে ডি গ্ৰেগ’ৰিয়াক পৰীক্ষা কৰে।
৬২,১৪৯ গৰাকী দৰ্শকে হাতচাপৰিৰে আদৰণি জনোৱা ৰাইজৰ উৎসাহৰ মাজতে খেলপথাৰলৈ আহিছিল এমবাপে। জুভেন্টাছৰ আশা সজীৱ হৈ থাকিল আৰু ২৫ গজৰ পৰা নিকোলাছ গনজালেজৰ শ্বটটো পোষ্টৰ ওচৰৰ পৰা ওলাই গ’ল।
খেলখনৰ শেষ মুহূৰ্তত ডি গ্ৰেগ’ৰিয়েও ৰিয়েলৰ তুৰ্কী মিডফিল্ডাৰ আৰ্ডা গুলাৰৰ শ্বট ভৰিৰে ৰখাই দিয়ে। অৱশ্যে শেষত গনজালোৰ একমাত্ৰ গ’লটোৱেই ৰিয়েল মাদ্রিদৰ জয়ৰ বাবে যথেষ্ট বুলি প্রমাণিত হ’ল ৷
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
