নতুন দিল্লী, ১৬ আগষ্ট (হি.স.)। মহিলা বিশ্বকাপ বিজয়ী দিব্যা দেশমুখে শুকুৰবাৰে নিশ্চিত কৰে যে তেওঁ আগন্তুক ফিডে গ্ৰেণ্ড চুইছ ২০২৫ দবা প্ৰতিযোগিতাৰ মুকলি শাখাত অংশগ্ৰহণ কৰিব। ৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এই সন্মানীয় প্ৰতিযোগিতা খন।
১৯ বছৰীয়া দিব্যাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে – “গতিকে, কালি মই শ্বেয়াৰ কৰা খবৰটো হ’ল যে মই এই বছৰ অ’পেন গ্ৰেণ্ড ছুইছত অংশগ্ৰহণ কৰিম।”
শেহতীয়াকৈ দিব্যাই মহিলা স্পীড চেছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল, যিটো তেওঁৰ ঐতিহাসিক ফিডে বিশ্বকাপ খিতাপৰ পিছত প্ৰথমখন প্ৰতিযোগিতা আছিল। ইয়াত কোৱাৰ্টাৰ ফাইনেলত বিশ্বৰ ১ নম্বৰ হাউ য়িফানৰ বিৰুদ্ধে কঠিন মেচত পৰাস্ত হয়।
ভাৰতৰ পৰাও বহু বিশিষ্ট খেলুৱৈয়ে মুকলি শাখাত খেলিব, য’ত আছে বিশ্ব চেম্পিয়ন ডি গুকেশ, অৰ্জুন এৰিগাইছি, আৰ প্ৰাগনানন্ধা, বিদিত গুজৰাথী, পেন্টালা হৰিকৃষ্ণ আৰু নিহল সৰিন। একে সময়তে ভাৰতৰ ২০২৫ চনৰ বিশ্বকাপৰ ৰানাৰ্ছ আপ কনেৰু হাম্পি আৰু আৰ বৈশালীয়ে মহিলা শাখাত খেলিব।
আমোদজনকভাৱে ৰাছিয়াৰ আলেকজেণ্ড্ৰা গোৰিয়াচকিনাও মুকলি শাখাত খেলিব। দিব্যা আৰু গোৰিয়াচকিনা দুয়োজনে ৱাইল্ড কাৰ্ড বিচাৰিছিল, যিবোৰ অনুমোদিত হৈছে। যদিও এই প্ৰতিযোগিতাখন ফিডে মহিলা প্ৰাৰ্থীৰ বাবেও কোৱালিফায়াৰ, তথাপিও ইতিমধ্যে নিজৰ স্থান নিশ্চিত কৰাৰ বাবে এই যুটিটোৱে ইয়াৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নাই।
ইফালে আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ তথা প্ৰখ্যাত দবা মন্তব্যকাৰী তানিয়া সচদেৱে শেহতীয়াকৈ কয় যে মহিলা খেলুৱৈসকলে নিজৰ উন্নতিৰ বাবে যিমান পাৰি সিমান মুকলি প্ৰতিযোগিতা খেলিব লাগে। অৱশ্যে মহিলাৰ বাবে একচেটিয়া উপাধি বিলুপ্ত কৰা উচিত নহয় বুলিও তেওঁৰ বিশ্বাস আছিল।
টানিয়াই কয় – মই ভাবো যে কণমানি ছোৱালীয়ে যিমান পাৰি সিমান মুকলি প্ৰতিযোগিতা খেলিব লাগে। তেওঁলোকে পুৰুষ খেলুৱৈৰ বিৰুদ্ধে প্ৰশিক্ষণ ল’ব লাগে আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগে আৰু কেৱল মহিলা প্ৰতিযোগিতাত গুৰুত্ব দিব নালাগে। কিন্তু একে সময়তে মহিলাৰ খিতাপ থাকিব লাগে, কিয়নো ই বহু খেলুৱৈৰ বাবে এক আকাংক্ষা আৰু ই নতুন প্ৰজন্মক এই খেলবিধ গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia
