• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > প্ৰিমিয়াৰ লীগৰ হল অৱ ফেমত অন্তৰ্ভুক্ত গেৰী নেভিল আৰু ইডেন হাজাৰ্ড
Sports

প্ৰিমিয়াৰ লীগৰ হল অৱ ফেমত অন্তৰ্ভুক্ত গেৰী নেভিল আৰু ইডেন হাজাৰ্ড

CliQ INDIA
Last updated: November 4, 2025 11:25 pm
CliQ INDIA
Share
4 Min Read
SHARE

লণ্ডন, ০৪ নৱেম্বৰ (হি.স.)। ইংলেণ্ডৰ প্ৰাক্তন ডিফেণ্ডাৰ গেৰী নেভিল আৰু বেলজিয়ামৰ প্ৰাক্তন তাৰকা ইডেন হাজাৰ্ডক প্ৰিমিয়াৰ লীগৰ হল অৱ ফেমত অন্তৰ্ভুক্ত কৰাৰ কথা মঙলবাৰে ঘোষণা কৰে প্ৰিমিয়াৰ লীগে।

১৯৯২ চনত লীগ প্ৰতিষ্ঠা হোৱাৰ পৰাই ব্যতিক্ৰমী সফলতা লাভ কৰা আৰু লীগখনলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা খেলুৱৈ আৰু পৰিচালকক হল অৱ ফেমৰ তৰফৰ পৰা সন্মান জনোৱাই হৈছে মূল উদ্দেশ্য। ইয়াত কেৱল ফুটবলৰ পৰা অৱসৰ লোৱা খেলুৱৈ আৰু পৰিচালককহে নিৰ্বাচিত কৰা হয়।

বৰ্তমানৰ ২৪ জন হল অৱ ফেমৰ সদস্যৰ ভোটৰ পিছত এই বছৰ নেভিল আৰু হাজাৰ্ড নিৰ্বাচিত হয়। আন বিশিষ্ট সদস্যসকলৰ ভিতৰত আছে ছাৰ এলেক্স ফাৰ্গুচন, আৰ্চেন ৱেংগাৰ, পল স্কোলছ, ডেনিছ বাৰ্গকেম্প, ভিনচেণ্ট কম্পেনি, ডিডিয়েৰ ড্ৰগবা আদি মহান ব্যক্তি।

গেৰী নেভিলে তেওঁৰ নিৰ্বাচনত আনন্দ প্ৰকাশ কৰি এক বিবৃতিত কয় যে, এয়া মোৰ বাবে এক বৃহৎ সন্মান। যেতিয়া আপুনি ইতিমধ্যে এই তালিকাত থকা নামবোৰ শুনিব—ফুটবলৰ কিংবদন্তি—তেওঁলোকৰ কাষত থকাটো অতি বিশেষ। মই সদায় মানচেষ্টাৰ ইউনাইটেডৰ হৈ মোৰ শ্ৰেষ্ঠখিনি দিবলৈ চেষ্টা কৰি আহিছো, আৰু এই সন্মান মোৰ বাবে এক গৌৰৱৰ মুহূৰ্ত।

ইফালে ইডেন হাজাৰ্ডে কয়, বেলজিয়ামৰ এখন সৰু চহৰ ব্ৰেইন-লে-কমটৰ পৰা আহি কেৱল আনন্দৰ বাবেই ফুটবল খেলিবলৈ আৰম্ভ কৰা মোৰ বাবে এই সন্মান অবিশ্বাস্য। প্ৰিমিয়াৰ লীগ হল অৱ ফেমত অন্তৰ্ভুক্ত হোৱাটো এটা সপোন পূৰণ হোৱাটো। এই কৃতিত্ব মোৰ পৰিয়াল, সতীৰ্থ, অনুৰাগী আৰু বন্ধু-বান্ধৱীৰ।

গেৰী নেভিলৰ কেৰিয়াৰ

গেৰী নেভিলে নিজৰ সমগ্ৰ কেৰিয়াৰ মানচেষ্টাৰ ইউনাইটেডৰ সৈতে কটায়। ক্লাবৰ সোণালী যুগৰ মূল অংশ আছিল আৰু নেতৃত্ব, বুদ্ধিমত্তা আৰু ধাৰাবাহিকতাৰ বাবে তেওঁ বিখ্যাত আছিল। ১৯৯২ চনৰ পৰা ২০১১ চনলৈকে ইউনাইটেডৰ হৈ ৪০০ খন প্ৰিমিয়াৰ লীগ মেচ খেলি নেভিলে ১০০ খনতকৈও অধিক ক্লীন শ্বীট ৰেকৰ্ড কৰিছিল আৰু ৩৫ টা এছিষ্ট দিছিল।

১৯৯৮/৯৯ চনৰ ঐতিহাসিক ট্ৰেবল (প্ৰিমিয়াৰ লীগ, এফ এ কাপ, আৰু ইউ এফ এ চেম্পিয়নছ লীগ)কে ধৰি তেওঁ কেৰিয়াৰত আঠটা প্ৰিমিয়াৰ লীগ খিতাপ লাভ কৰে।

তেওঁৰ প্ৰশিক্ষক ছাৰ এলেক্স ফাৰ্গুচনে কয় যে, “গেৰীৰ দীঘলীয়া আৰু সফল যাত্ৰা – ১৪ বছৰ বয়সত ইউনাইটেডৰ যুৱ দলৰ পৰা ইংলেণ্ড দললৈ – তেওঁক এই সন্মানৰ প্ৰকৃত যোগ্য কৰি তুলিছে।”

ইডেন হাজাৰ্ডৰ কেৰিয়াৰ

২০১২ চনত লিলৰ পৰা চেলছীত যোগদান কৰাৰ পিছত ইডেন হাজাৰ্ডে প্ৰিমিয়াৰ লীগত এক তাৰকাময় অভিষেক ঘটায়।চেলছীৰ হৈ ২৪৫খন খেলত ৮৫টা গ’ল আৰু ৫৪টা এছিষ্ট দিয়ে।

২০১৪/১৫ ছিজনত তেওঁ ১৪টা গ’ল আৰু ৯টা এছিষ্টেৰে দলটোক খিতাপ দখল কৰি প্ৰিমিয়াৰ লীগৰ শ্ৰেষ্ঠ খেলুৱৈ, পিএফএৰ বছৰৰ শ্ৰেষ্ঠ খেলুৱৈ, আৰু ফুটবল লেখকৰ বছৰৰ শ্ৰেষ্ঠ খেলুৱৈৰ ট্ৰিপল সন্মান লাভ কৰে।

ইয়াৰ উপৰিও ২০১৬/১৭ চনত চেলছীয়ে দ্বিতীয়টো লীগ খিতাপ দখল কৰিছিল। হাজাৰ্ডে চাৰিবাৰকৈ পিএফএৰ বছৰৰ শ্ৰেষ্ঠ দলত অন্তৰ্ভুক্ত হৈছিল আৰু ২০১৯ চনত প্ৰিমিয়াৰ লীগৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

তেওঁৰ প্ৰাক্তন প্ৰশিক্ষক জোচে মৰিনিয়োৱে কয়, ইডেন, আপোনাক এই তালিকাত অন্তৰ্ভুক্ত হোৱা দেখি মই অতি গৌৰৱান্বিত। আপুনি মোৰ সৈতে কাম কৰা আটাইতকৈ আচৰিত খেলুৱৈসকলৰ ভিতৰত এজন, আৰু আপুনি তাত থকাৰ সম্পূৰ্ণ যোগ্য।

২০২৫ চনৰ ৪ নৱেম্বৰত হল অৱ ফেম অনুষ্ঠানত দুয়োজন খেলুৱৈকে আনুষ্ঠানিকভাৱে সন্মানিত কৰা হ’ব। প্ৰতিজন সন্মানীয় ব্যক্তিয়ে তেওঁলোকৰ নাম খোদিত কৰা পদক আৰু তেওঁলোকৰ প্ৰিয় দাতব্য সংস্থালৈ ১০,০০০ পাউণ্ড (প্ৰায় ১০ লাখ ₹) অনুদান লাভ কৰিব।

২০২১ চনত প্ৰিমিয়াৰ লীগ হল অৱ ফেম আৰম্ভ কৰা হয়।প্ৰথম বছৰত ডেভিদ বেকহাম, ডেনিছ বাৰ্গকেম্প, এৰিক কেণ্টোনা, থিয়ৰী হেনৰী, ৰয় কিন, ফ্ৰেংক লেম্পাৰ্ড, ষ্টিভেন জেৰাৰ্ড, এলান শ্বিয়াৰক অন্তৰ্ভুক্ত কৰা হয়।

ইয়াৰ পিছতে চাৰ্জিঅ’ আগুৱেৰো, ডিডিয়েৰ ড্ৰগবা, ৱেইন ৰুনী, ভিনচেণ্ট কম্পানী, পল স্কোলছ, পেট্ৰিক ভিয়েৰা, ইয়ান ৰাইট আদিয়ে অংশগ্ৰহণ কৰে।

২০২৩ চনত ছাৰ এলেক্স ফাৰ্গুচন আৰু আৰ্চেন ৱেংগাৰক প্ৰথম মেনেজাৰ হিচাপে নিযুক্তি দিয়া হ’ব।যোৱা বছৰ এছলী ক’ল, এণ্ডি ক’ল, জন টেৰীয়ে এই সন্মান লাভ কৰিছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

বীৰ বিৰছা মুণ্ডাৰ স্মৃতি দিৱস উপলক্ষে ওদালগুৰিৰ চন্দনা চাহ বাগিচাত ফুটবল প্ৰতিযোগিতা | BulletsIn
আল নাছৰৰ হাতত ৩-১ গ’লত পৰাস্ত আল খুলুড, ৰোনাল্ডো, মানে আৰু ডুৰানে দিলে গ’ল | BulletsIn
ব্ৰাজিলে অক্টোবৰ মাহত দক্ষিণ কোৰিয়া আৰু জাপানৰ বিৰুদ্ধে খেলিব প্ৰীতি মেচ
কামিন্স আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত
আইএছএল : নৰ্থ-ইষ্ট ইউনাইটেড আৰু জামছেদপুৰৰ মাজত আজি গুৱাহাটীত প্ৰতিদ্বন্দ্বিতা

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article টংলা চহৰৰ সলনি ওদালগুৰি চহৰৰ ডায়মণ্ড খেলপথাৰত অনুষ্ঠিত হ’ব আছাৰ বিশাল গণ সমাবেশ
Next Article মস্তি ৪ৰ ট্ৰেইলাৰ মুকলি
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?