লিভাৰপুল, ১৬ আগষ্ট (হি.স.)। প্ৰিমিয়াৰ লীগ চেম্পিয়ন লিভাৰপুলে খিতাপ ৰক্ষাৰ অভিযানত এক সুন্দৰ আৰম্ভণি কৰিলে। শুকুৰবাৰে এনফিল্ডত অনুষ্ঠিত হোৱা ছিজনৰ প্ৰথমখন মেচত লিভাৰপুলে ৰোমাঞ্চকৰ ৰূপত বৰ্ণমাউথক ৪-২ গ’লত পৰাস্ত কৰে।
এই মেচখন আৱেগেৰে ভৰা আছিল, কিয়নো জুলাই মাহত দলটোৰ ফৰৱাৰ্ড ডিঅ’গো জোটাৰ মৃত্যুৰ পিছত এনফিল্ডত এইখনেই আছিল প্ৰথমখন মেচ। নতুন খেলুৱৈ হুগো একিটেকে ৩৭ মিনিটত ডেবিউ গ’ল দি লিভাৰপুলক অগ্ৰগতি প্ৰদান কৰাৰ বিপৰীতে ৪৯ মিনিটত ক’ডি গাকপোৱে ২-০ গ’লত অগ্ৰগতি প্ৰদান কৰে।
ইয়াৰ পিছতে বৰ্ণমাউথে পুনৰ উভতি আহে। প্ৰথমাৰ্ধত বৰ্ণবাদী মন্তব্যৰ সন্মুখীন হোৱা আৰু যাৰ বাবে কিছু সময়ৰ বাবে খেল বন্ধ হৈ থকা এণ্টোৱান চেমেনিয়নোৱে ৬৪ মিনিট আৰু তাৰ পিছত ৭৬ মিনিটত গ’ল দি ২-২ গ’লত গ’ল দি লিভাৰপুলক চমকিত কৰি তোলে।
অৱশ্যে খেলখনৰ অন্তিম মুহূৰ্তত লিভাৰপুলে শক্তি প্ৰদৰ্শন কৰে। ৮৮ মিনিটত বিকল্প খেলুৱৈ ফেডেৰিকো কিয়েছাই এটা গ’ল দি দলটোক পুনৰ অগ্ৰগতি প্ৰদান কৰে। ইয়াৰ পাছতে মহম্মদ চালাহে ইনজুৰি টাইমত এটা গ’ল দি জয় নিশ্চিত কৰি লিভাৰপুলৰ জোলোঙাত ৩ পইণ্ট যোগ কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
