লণ্ডন, ১৯ জুলাই (হি.স.)। শুকুৰবাৰে ইংৰাজী ক্লাব আৰ্চেনালে এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰি চেলছীৰ উইংগাৰ ননি মাডুকেক চুক্তিবদ্ধ কৰে। এই চুক্তিৰ মূল্য ৪৮ মিলিয়ন পাউণ্ড (প্ৰায় ৬৫ মিলিয়ন মাৰ্কিন ডলাৰ) বুলি জানিব পৰা গৈছে।
আৰ্চেনালে নিজৰ আনুষ্ঠানিক বিবৃতিত কয় যে ইংলেণ্ডৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ননি মাডুকে আমাৰ সৈতে দীৰ্ঘম্যাদী চুক্তি স্বাক্ষৰ কৰা বুলি ঘোষণা কৰি আমি অতিশয় উৎসাহিত হৈছো।
২৩ বছৰীয়া মাডুয়েকে চেলছীৰ হৈ সকলো প্ৰতিযোগিতাতে ৯২খন খেল খেলি ২০টা গ’ল আৰু ৯টা সহায় (এচিষ্ট) কৰে। আমেৰিকাত অনুষ্ঠিত ক্লাব বিশ্বকাপৰ সাতখন খেলৰ ভিতৰত পাঁচখন খেলত অংশগ্ৰহণ কৰিছিল যদিও ফাইনেলত পেৰিছ চেণ্ট জাৰ্মেইনৰ বিৰুদ্ধে ৩-০ গ’লত জয়লাভ কৰা খেলখনত তেওঁ খেলা নাছিল।
মাডুকে ক্রিষ্টাল পেলেচ আৰু টটেনহাম হটস্পাৰৰ যুৱ দলৰ সৈতে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ৷ ইয়াৰ পিছত ২০১৮ চনত নেদাৰলেণ্ডৰ ক্লাব পি এছ ভি আইনডহ’ভেনত যোগদান কৰে।
আৰ্চেনালত ২০ নম্বৰৰ জাৰ্চি পিন্ধিব মাডুয়েকে।
চেলছীক বিদায় দি তেওঁ ইনষ্টাগ্ৰামত লিখিছে, “প্ৰিয় চেলচী ফুটবল ক্লাব, যোৱা তিনি বছৰৰ বাবে ধন্যবাদ… মোৰ সতীৰ্থসকলক ধন্যবাদ, আপোনালোকৰ প্ৰতি মোৰ কেৱল মৰম আৰু সন্মান আছে।”
মাডুকে আৰু লিখিছে, প্ৰশিক্ষক এনজো মাৰেস্কা, আপোনাৰ অধীনত খেলাটো এটা সৌভাগ্যৰ কথা আছিল। আপুনি মোক এজন ভাল খেলুৱৈ আৰু মানুহ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল, তাৰ বাবে ধন্যবাদ। আৰু শেষত, চেলছীৰ প্ৰতিজন অনুৰাগীৰ প্ৰতি কৃতজ্ঞতা – মৰমৰ বাবে, প্ৰশংসাৰ বাবে আৰু লগতে সমালোচনাৰ বাবে – মই সকলোৰে শলাগ লৈছো। মই ইয়াৰ পৰা কেৱল ভাল স্মৃতিহে লৈছো।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
