নতুন দিল্লী, ১৮ ছেপ্টেম্বৰ (হি.স.)। নেপালৰ বিৰুদ্ধে তিনিখন খেলৰ টি-২০ শৃংখলাৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰিছে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট ব’ৰ্ডে। ৫ গৰাকী অনকেপড খেলুৱৈক দলত অন্তৰ্ভুক্ত কৰা হৈছে। নিয়মীয়া অধিনায়ক শই হোপকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ খেলুৱৈক জিৰণি দিয়া হৈছে। বাওঁহাতৰ স্পিনাৰ আকিয়াল হোছেইনক প্ৰথমবাৰৰ বাবে দলৰ বাঘজৰী দিয়া হৈছে।
দলটোত নতুন পাঁচগৰাকী খেলুৱৈ হ’ল টপ অৰ্ডাৰ বেটছমেন আকিম অগাষ্ট, অল ৰাউণ্ডাৰ নবীন বিদাইছে, লেগ স্পিনাৰ জিশ্বন মোটাৰা, বাওঁহাতৰ বেটছ বলাৰ ৰেমন ছিমণ্ডছ, আৰু উইকেটকীপাৰ বেটছমেন আমিৰ জাংগু। আমেৰিকাৰ হৈ আঠখন টি-২০ খেল খেলিলেও এতিয়াও ৱেষ্ট ইণ্ডিজত অভিষেক ঘটাব নোৱাৰা বেটছৱমেন কৰিমা গোৰকো অন্তৰ্ভুক্ত কৰা হৈছে।
চলি থকা কেৰিবিয়ান প্ৰিমিয়াৰ লীগত নিজৰ ফ্ৰেঞ্চাইজি এন্টিগুয়া আৰু বাৰবুডা ফেলকনৰ হৈ ১১খন মেচত ২১৯ ৰান সংগ্ৰহ কৰি নিৰ্বাচকসকলক আপ্লুত কৰে কৰিমা গোৰে।
অভিজ্ঞ খেলুৱৈ ফেবিয়ান এলেন, জেছন হোল্ডাৰ, কাইল মেয়াৰ্ছও এই দলৰ অংশ। মন কৰিবলগীয়া যে ২০২৪ চনৰ এপ্ৰিল মাহত ৱেষ্ট ইণ্ডিজৰ ‘এ’ দলটোৱে নেপাল ভ্ৰমণ কৰিছিল, য’ত আয়োজক দলটোৱে শৃংখলাত পৰাস্ত হোৱাৰ পিছতো দুখন মেচত জয়লাভ কৰিছিল।
২৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব এই শৃংখলাৰ প্ৰথমখন টি-২০, ২৯ আৰু ৩০ ছেপ্টেম্বৰত শ্বাৰজাহত দ্বিতীয় আৰু তৃতীয়খন খেল অনুষ্ঠিত হ’ব।
ৱেষ্ট ইণ্ডিজৰ দল (নেপাল টি-২০ আই ছিৰিজৰ বাবে):
আকিয়েল হোছেইন (অধিনায়ক), ফেবিয়ান এলেন, জুৱেল এণ্ড্ৰু, আকিম অগাষ্ট, নবীন বিডাইজ, জেডিয়া ব্লেডছ, কেছি কাৰ্টি, কৰিমা গোৰ, জেছন হোল্ডাৰ, আমিৰ জাংগু, কাইল মেয়াৰ্ছ, ওবেদ মেককয়, জিছান মটাৰা, ৰেমন চিমণ্ডছ আৰু শ্বামাৰ স্প্ৰিংগাৰ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
