নগাঁও, ১০ নৱেম্বৰ (হি.স.): নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত নিজ ধিং নৱজোতি ক্লাবৰ সৌজন্যত দিবা নৈশ ফুটবল খেলৰ আয়োজন কৰা হৈছে। অহা ১২ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগা এই খেলৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে নৱজোতি ক্লাবে।
উল্লেখযোগ্য যে প্ৰতিবছৰে ধিং নৱজোতি ক্লাবৰ সৌজন্যত দিবা নৈশ ফুটবল খেলৰ আয়োজন কৰি অহা হৈছে। এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই। তুলেশ্বৰ মেধি সোৱণশিৰি ট্ৰফিৰ প্ৰথম খন ফুটবল খেল অহা ১২ নৱেম্বৰ দেওবাৰে নিজ ধিং মাৰ্কেটিং খেলপথাৰত অনুষ্ঠিত কৰা হ’ব। এই খেলত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা উদীয়মান খেলুৱৈ সকলে অংশগ্ৰহণ কৰিব লগতে অসমৰ বাহিৰৰ পৰাও খেলুৱৈ সকলে পৰ্দাপন কৰিব। এই চকুত লগা খেল সমূহ উপভোগ কৰিবলৈ আয়োজকসকলে আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
