নতুন দিল্লী, ০৭ ডিছেম্বৰ (হি.স.)। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দেওবাৰে প্ৰথমখন টি-২০ মেচৰ পৰা আৰম্ভ হ’বলগীয়া আগন্তুক বহুৰূপী শৃংখলাৰ বাবে ডাৰবানত উপস্থিত হোৱাৰ লগে লগে ভাৰতীয় খেলুৱৈসকলক উষ্ম আদৰণি জনোৱা হয়। অনুৰাগীসকলে ভাৰতীয় দলটোক বিমানবন্দৰত আদৰণি জনাইছিল আৰু ৰেইনবো নেচনত অৱতৰণ কৰাৰ সময়ত তেওঁলোকৰ সৈতে ফটো তুলিছিল।
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে টুইটাৰত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত দক্ষিণ আফ্ৰিকাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে হোটেলৰ কৰ্মচাৰীসকলে খেলুৱৈসকলক উষ্ম আদৰণি জনোৱা দেখা গৈছে। ভিডিঅ’টোত মহম্মদ চিৰাজ, মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়, সূৰ্য্যকুমাৰ যাদৱ, ৰুতুৰাজ গাইকৱাদ, শ্ৰেয়াছ আয়েৰ আৰু যশস্বী জয়ছৱালক বিমানবন্দৰৰ পৰা ওলাই অহা দেখা গৈছে।
ভাৰতীয় দলটোৱে অহা ১০ ডিচেম্বৰ দেওবাৰৰ পৰা ক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া আৰু ১৪ ডিচেম্বৰলৈকে চলিবলগীয়া প্ৰথম তিনিখন মেচৰ টি-২০ শৃংখলা খেলিব । ইয়াৰ পিছত ১৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব এদিনীয়া শৃংখলা আৰু এয়া ২১ ডিচেম্বৰলৈকে চলিব। ইয়াৰ পিছত দুখন মেচৰ টেষ্ট শৃংখলা অনুষ্ঠিত হ’ব। ২৬ ডিচেম্বৰৰ পৰা চেঞ্চুৰিয়ানত অনুষ্ঠিত হ’ব প্ৰথমখন টেষ্ট আৰু ৩ জানুৱাৰীৰ পৰা কেপ টাউনত দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ’ব, য’ত জ্যেষ্ঠ খেলুৱৈসকলে প্ৰত্যাৱৰ্তন কৰিব।
হিন্দুস্থান সমাচাৰ/সুনীল/মনোজ
