নতুন দিল্লী, ২০ জুন (হি.স.)। ট্ৰিনবাগো নাইট ৰাইডাৰ্ছে কেৰিবিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অলৰাউণ্ডাৰ ড্ৱেইন ব্ৰাভোক নিযুক্তি দিছে। বৰ্তমান বাংলাদেশৰ পুৰুষ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ফিল ছিমনছৰ ঠাইত তেওঁ নিযুক্ত হ’ব।
ব্ৰাভোৱে এই দায়িত্বৰ বিষয়ে ছ’চিয়েল মিডিয়াত লিখিছে, টি কে আৰৰ দৰে দলৰ মুখ্য প্ৰশিক্ষক হোৱাৰ সুযোগ পোৱাটো মোৰ বাবে এক সন্মান। এই দলটো মোৰ হৃদয়ৰ অতি ওচৰত। মই প্ৰশিক্ষক ফিল ছিমনছক তেওঁৰ অৱদানৰ বাবে ধন্যবাদ জনাইছো আৰু এতিয়া মই আৰু মোৰ দলটোৱে এই নতুন প্ৰত্যাহ্বানৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছো।
২০১৩ চনৰ পৰা ২০২৪ চনৰ ভিতৰত চিপিএলত ড্ৱেইন ব্ৰাভোৱে ১০৭খন মেচ খেলিছিল, য’ত তেওঁ ১২৯টা উইকেট দখল কৰিছিল আৰু তেওঁৰ ইকনমি ৰেট আছিল ৮.৭৪। টিকেআৰৰ হৈ ১১টা ছিজনৰ ভিতৰত ৯টা ছিজনত খেলি দলটোক পাঁচবাৰকৈ খিতাপ দখল কৰাত সহায় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ২০২১ চনত ছেইণ্ট কিটছ আৰু নেভিছ পেট্ৰিয়াটছৰ অধিনায়কত্ব কৰি দলীয় চেম্পিয়ন হিচাপে পৰিগণিত হয়।
যোৱা কিছু বছৰত ব্ৰাভোৰ প্ৰশিক্ষক যাত্ৰা দ্ৰুতগতিত বৃদ্ধি পাইছে। ২০২৪ চনত তেওঁ নাইট ৰাইডাৰ্ছ গ্ৰুপৰ এটা দল আই এল টি ২০ত আবুধাবি নাইট ৰাইডাৰ্ছৰ মুখ্য প্ৰশিক্ষক হয়। আই পি এল ২০২৫ত তেওঁ কলকাতা নাইট ৰাইডাৰ্ছৰ মেণ্টৰৰ ভূমিকা পালন কৰাৰ বিপৰীতে ২০২৩ আৰু ২০২৪ চনত চেন্নাই ছুপাৰ কিংছৰ বলিং কনচালটেণ্টো আছিল।
২০২৪ চনৰ টি-২০ বিশ্বকাপত ব্ৰাভো আফগানিস্তান দলটোৰ বলিং পৰামৰ্শদাতা আছিল, যিয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল, য’ত দলটো দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হৈছিল।
এইবাৰ ১৪ আগষ্টৰ পৰা ২১ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব চিপিএলৰ ত্ৰয়োদশ সংস্কৰণ। যোৱাবাৰ টিকেআৰে পইণ্ট টেবুলত তৃতীয় স্থান দখল কৰিছিল যদিও এলিমিনেটৰ মেচত বাৰ্বাডোছ ৰয়েলছৰ হাতত পৰাস্ত হোৱাৰ পিছত বাহিৰ হৈছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
