–মনুষ শ্বাহৰ ডাবলছতো ৰূপৰ পদক লাভ
ফজ ডু ইগুয়াচু (ব্ৰাজিল), ০৪ আগষ্ট হি.স.)। ব্ৰাজিলত অনুষ্ঠিত হোৱা ডব্লিউ টি টি ষ্টাৰ কনটেণ্ডাৰ ফজ ডু ইগুয়াচু প্ৰতিযোগিতাৰ মিক্সড ডাবলছ ফাইনেলত পৰাস্ত হয় ভাৰতৰ শীৰ্ষ ছিড যুটি মানুষ শ্বাহ আৰু দিয়া চিতালে। ভাৰতীয় যুটিটোৱে জাপানৰ কোৱালিফায়াৰ সাতোছি ইইডা আৰু হনোকা হাছিমোটোৰ হাতত ২-৩ (৪-১১, ১১-৮, ১১-৫, ৫-১১, ২-১১) ব্যৱধানত পৰাস্ত হয়।
এই ছিজনত এইটোৱেই আছিল মনুষ শ্বাহ আৰু দিয়া চিতালেৰ দ্বিতীয়টো ফাইনেল খেল। ইয়াৰ পূৰ্বে টিউনিছত অনুষ্ঠিত হোৱা ডব্লিউ টি টি কনটেণ্ডাৰ প্ৰতিযোগিতাত দুয়োজনে খিতাপ দখল কৰিছিল।
মনুষ শ্বাহে এই প্ৰতিযোগিতাত পুৰুষৰ ডাবলছতো সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়। তেওঁৰ সংগী মানৱ থাক্কাৰৰ সৈতে ফাইনেলত প্ৰৱেশ কৰিছিল যদিও খিতাপৰ মেচখনত জাৰ্মানীৰ বেনেডিক্ট ডুডা আৰু ডাং কুৰ দ্বিতীয় ছিড যুটিৰ হাতত ২-৩ (৩-১১, ১১-৭, ৭-১১, ১৫-১৩, ৫-১১) ব্যৱধানত পৰাস্ত হয়। এই খেলখন ৪২ মিনিট ধৰি চলিছিল।
মহিলা একক শাখাত কোৱাৰ্টাৰ ফাইনেলত জাপানৰ হাছিমোটোৰ হাতত ০-৩ (৭-১১, ৬-১১, ৭-১১) ব্যৱধানত পৰাস্ত হৈ ভাৰতৰ মণিকা বাট্ৰাই প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হয়। ইয়াৰ পূৰ্বে মণিকাই দক্ষিণ কোৰিয়াৰ কিম নায়ঙক ৩-২ ব্যৱধানত পৰাস্ত কৰি শেষৰ আঠত স্থান লাভ কৰিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
