-কুমাৰ ছাংগাকাৰাক অতিক্ৰম
নতুন দিল্লী, ০৪ আগষ্ট (হি.স.)। ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক জো ৰুটে লণ্ডনৰ অভেল খেলপথাৰত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত পঞ্চম আৰু অন্তিম টেষ্ট মেচখনৰ চতুৰ্থ দিনা টেষ্ট কেৰিয়াৰৰ ৩৯ শতক অৰ্জন কৰে। তেওঁ ১৩৭টা বলত এই শতক সম্পূৰ্ণ কৰিছিল আৰু ইয়াৰ লগে লগে তেওঁ টেষ্ট ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰা বেটছমেনৰ তালিকাত শ্ৰীলংকাৰ মহান কুমাৰ ছাংগাকাৰাক (৩৮ শতক) চেৰ পেলাই চতুৰ্থ স্থানত উপনীত হৈছে।
এতিয়া ৰুটৰ আগত মাত্ৰ তিনিজন কিংবদন্তি বেটছমেন – ভাৰতৰ শচীন টেণ্ডুলকাৰ (৫১ শতক), দক্ষিণ আফ্ৰিকাৰ জেক কালিছ (৪৫ শতক) আৰু অষ্ট্ৰেলিয়াৰ ৰিকি পণ্টিং (৪১ শতক)।
দেওবাৰে নিজৰ ইনিংছৰ সময়ত ৰুটে আন এক ডাঙৰ কৃতিত্ব অৰ্জন কৰে। তেওঁ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউটিচি)ৰ ইতিহাসত ৬,০০০ ৰান সম্পূৰ্ণ কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে।
টেষ্ট ক্ৰিকেটত এতিয়া জো ৰুটৰ ১৩,৫০০ ৰানতকৈ অধিক ৰান আছে, আৰু টেষ্ট ইতিহাসত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাত দ্বিতীয় স্থানত আছে। শচীন টেণ্ডুলকাৰৰ ১৫,৯২১ ৰানৰ অভিলেখ অতিক্ৰম কৰাৰ দিশত এতিয়া তেওঁ দ্ৰুতগতিত আগবাঢ়িছে।
টেষ্ট ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰা বেটছমেন (এতিয়ালৈকে):
১.শচীন তেণ্ডুলকাৰ – ৫১ শতক (৩২৯ ইনিংছ)
২) জেক কালিছ – ৪৫ শতক (২৮০ ইনিংছ)
৩) ৰিকি পণ্টিং – ৪১ শতক (২৮৭ ইনিংছ)
৪) জো ৰুট – ৩৯ শতক (২৮৮ ইনিংছ)
৫) কুমাৰ সাংগাকাৰা – ৩৮ শতক (২৩৩ ইনিংছ)
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
