
কাৰ্বি আংলং, ২৩ জুলাই (হি.স.): কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙৰ পৃষ্ঠপোষকতাত আৰু বৃহত্তৰ তৰাডুবিৰ বৰঘাট লাইফবয় ক্লাৱৰ উদ্যোগত “ গ্ৰীষ্মকালীন ফুটবল চেম্পিয়নশ্বীপ —২০২৫ “ শান্তিবন খেল পথাৰত যোৱাকালি মঙলবাৰে বিয়লি অনুষ্ঠিত হোৱা উদ্বোধনী খেলখনত প্ৰতিদ্বন্দ্বিতা কৰে এচ কে ভি এচ এ কুম্ভিদুবি আৰু য়ংষ্টাৰ লুটুমাৰীয়ে ৷ ইয়াৰ লগত সংগতি ৰাখি গ্ৰীষ্মকালীন ফুটবল চেম্পিয়নশ্বীপ—২০২৫ ৰ উদ্বোধনী সভা এখন অনুষ্ঠিত কৰা হয় ৷
সভাত সভাপতিত্ব কৰে লাইফবয় ক্লাৱৰ সভাপতি উপেন ডেকাই ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাংকে টেৰণ হাইস্কুলৰ প্ৰধান শিক্ষক নৃপেন পাটৰে ৷ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজ কৰ্মী ৰামানন্দ মালা, বৰঘাট গাৱঁৰ চৰকাৰী গাঁওবুঢ়া জয়ন্ত ডেকাৰজা, তৰাডুবি মানিক চন্দ্ৰ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ হিন্দী বিষয়ৰ শিক্ষয়িত্ৰী কল্পনা দেৱী, বিশিষ্ট সমাজ কৰ্মী পবিত্ৰ ডেকা আৰু তৰাডুবি ক্ৰীড়া সন্হাৰ সভাপতি খগেন ডাৰফাঙৰ প্ৰমুখ্যে ক্ৰীড়া প্ৰেমী ৰাইজ ৷
মুখ্য অতিথি নৃপেন পাটৰে উদ্বোধন কৰা উদ্বোধনী খেলখনত এচ কে ভি এচ এ কুম্ভিদুবিয়ে ৩—২ গ’লৰ ব্যৱধানত য়ংষ্টাৰ লুটুমাৰীক পৰাস্ত কৰি গ্ৰীষ্মকালীন ফুটবল চেম্পিয়নশ্বিপ —২০২৫ ৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে ৷ উদ্বোধনী খেলখন পৰিচালনা কৰে ৰেফাৰী ভাস্কৰ টেৰণ, লাইন ৰেফাৰী দ্বয় নিৰঞ্জন দেউৰী, দৰছিং চেনাৰ আৰু চতুৰ্থ ৰেফাৰী আদিত্য ডাৰফাং আৰু মেচ কমিচনাৰ খগেন ডাৰফাঙে উপস্থিত থাকে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
