
গোলাঘাট, ২২ ডিচেম্বৰ (হি.স.):গোলাঘাটৰ বৰজান খেল পথাৰত বৰজান ক্ৰীড়া সন্থাৰ দ্বাৰা সাত দিনীয়াকৈ অনুস্থিত হোৱা সদৌ অসম ভিত্তিত দিবা নৈশ ফুটবল প্ৰতিযোগিতাৰ যোৱা কালি দেওবাৰে নিশা সফল সমাপ্তি পৰে। হাজাৰ হাজাৰ ফুটবল অনুৰাগীয়ে উপভোগ কৰে আইএছএল খেলুৱৈ দিপু মিদ্ধা আৰু আফ্ৰিকান খেলুৱৈৰ ভৰিৰ যাদু।
দুই শক্তিশালী দল ভাস্কৰ একাদশ আৰু সেন্দুৰী টিং একাদশৰ মাজত অনুস্থিত চুড়ান্ত খেলত ২=০ গলত সেন্দুৰী টিং একাদশে চুড়ান্ত খিতাপ অৰ্জন কৰে। চূৰান্ত খেলখনত মূখ্য অতিথি হিচাপে উপস্থিত থাকি খেল খন উদ্বোধন কৰে সৰুপথাৰ সমষ্টি বিধায়ক বিশ্বজিৎ ফুকনে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
