গুৱাহাটী, ৩০ ডিছেম্বৰ (হি.স.)। সমৰকলা ক্রীড়া টাইকোৱাণ্ডোৰ ৩৯ সংখ্যক সদৌ অসম আন্তঃজিলা চাব জুনিয়ৰ আৰু অনুর্দ্ধ ৮ বছৰৰ (ল’ৰা-ছোৱালী) প্রতিযোগিতাখন গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামৰ আৰ.জি.বৰৱা ক্রীড়া প্রকল্পস্থিত তৰুনৰাম ফুকন ইন্ডোৰ ষ্টেডিয়ামত আজি সামৰণি পৰে৷
সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ উদ্যোগত অনুস্থিত এই প্ৰতিযোগিতা খনত ৰাজ্যৰ ৩৯ খন জিলাৰ এঘাৰ শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে। আজি প্ৰতিযোগিতাখনৰ সামৰণি পৰে। ফলাফল অনুসৰি সোনৰ পদক লাভ কৰা নিম্ন উল্লেখিত প্ৰতিযোগী সকল হল- চাব জুনিয়ৰ লৰাৰ অনুৰ্ধ ১৬ কেজি ওজনত তন্ময় ফুকন, ১৮ কেজিত ওজনত মুনিন বৰুৱা, ২১ কেজি ওজনত চোৱাইব আশ্ৰফ হুছেইন, ২৩ কেজি ওজনত অম্লান মহন, ২৫ কেজি ওজনত ৰিদিপ বৰা, ২৭ কেজি ওজনত অম্লান জ্যোতি বৰা, ২৯ কেজি ওজনত নয়ন জ্যোতি বুঢ়াগোহাঞি, ৩২ কেজি ওজনত মনদীপ ৰাজবংশী, ৩৫ কেজি ওজনত দ্ৰোনাদিত্য তালুকদাৰ, ৩৮ কেজি ওজনত দেৱাশিষ গগৈ, ৪১ কেজি কেজি ওজনত আয়োস ঘোষ, ৪৪ কেজি ওজনত জাইদ ৰহমান, ৫০ কেজি ওজনত ডিকু হাজৰিকা আৰু ৫০ উৰ্ধৰ কেজিত ৰিহান আহমেদ।
সোনৰ পদক লাভ কৰা নিম্ন উল্লেখিত ছোৱালী প্ৰতিযোগী সকল হল- চাব জুনিয়ৰ ছোৱালীৰ অনুৰ্ধ ১৮ কেজি ওজনত ময়ুৰাক্ষি বৰুৱা, ২০ কেজিত ওজনত আলপ্না শান্দিল্য, ২২ কেজি ওজনত ৰিয়া বৰুৱা, ২৪ কেজি ওজনত এৰিনা খান, ২৬ কেজি ওজনত পাহি চৌধুৰী, ২৯ কেজি ওজনত সোনমনি চুটিয়া, ৩২ কেজি ওজনত শ্যামন্তিকা দাস, ৩৫ কেজি ওজনত জুতিকা গগৈ, ৪১ কেজি ওজনত ৰিচিতা বৰুৱা, ৪৭ কেজি ওজনত প্ৰতি ভক্তি বুঢ়াগোহাঞি,আৰু ৪৭ কেজি উৰ্ধৰ ওজনত অনুস্কা তালুকদাৰ।
চাব জুনিয়ৰ পুমছেৰ পুৰুষৰ ব্যক্তিগত শাখাত ৱাংলে সিংহ, পুমছেৰ মহিলাৰ ব্যক্তিগত শাখাত চুপালি চন্দ্ৰাই সোনৰ পদক লাভ কৰিছে। পেয়াৰ পুমছেত এল ৱাংলেং সিংহ আৰু চুপালি চন্দ্ৰাই ।
উল্লেখযোগ্য যে এই প্ৰতিযোগিতা খনৰ পৰাই ২৪ গৰাকী খেলুৱৈক নিৰ্বাচিত কৰি অহা ২ ফেব্ৰুৱাৰীৰ পৰা ছত্তীশগড়ত অনুষ্ঠিতব্য ৰাষ্ট্রীয় চাব জুনিয়ৰ প্রতিযোগিতাত অংশগ্রহণ কৰিব।
হিন্দুস্থান সমাচাৰ/অৰৱিন্দ/মনোজ
