গুৱাহাটী, ০৯ ছেপ্টেম্বৰ (হি.স.)। ক্ৰিকেট জ্বৰত আক্ৰান্ত ডিমৰীয়া । অনুষ্ঠিত হ’ব ডিমৰীয়া প্ৰিমিয়াৰ লীগ। সম্পন্ন হ’ল খেলুৱৈ নিলাম প্ৰক্ৰিয়া।
ক্ষেত্ৰীৰ এক বিশেষ স্থানত চলিল খেলুৱৈৰ কিনা-বেচা প্ৰক্ৰিয়া একোগৰাকী স্থানীয় ক্ৰিকেটাৰৰ দাম উঠিল ৭,০০০ টকা পৰ্যন্ত।
বৃহত্তৰ ডিমৰীয়াৰ ক্ৰীড়া প্ৰতিভাক উজলাই তোলাৰ উদ্দেশ্যে ডিমৰীয়া মহাবিদ্যালয় খেলপথাৰত ২১ ছেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হ’ব ডিমৰীয়া প্ৰিমিয়াৰ লীগ। সম্পূৰ্ণ আই পি এলৰ আৰ্হিত অনুষ্ঠিত হ’বলগীয়া এই ডিপিএলৰ বাবে খেলুৱৈৰ নিলাম প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে সম্পন্ন কৰা হয়।
বৃহত্তৰ ডিমৰীয়াৰ প্ৰায় ডেৰশ গৰাকী উদীয়মান ক্ৰিকেটাৰে পঞ্জীয়ন কৰা এই প্ৰতিযোগিতাত দহটি দলে অংশগ্ৰহণ কৰিব। ক্ষেত্রীত দেওবাৰে প্ৰতিটো দলৰ স্বত্ত্বাধিকাৰে খেলুৱৈ নিলাম প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি নিজৰ নিজৰ পচন্দৰ খেলুৱৈ সমূহ ক্ৰয় কৰে । প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ দলে ৭০,০০০ আৰু দ্বিতীয় শ্ৰেষ্ঠ দলে লাভ কৰিব ৫০,০০০ টকা। লগতে থাকিব আন বহুকেইটা বঁটা। এই প্ৰতিযোগিতাৰ যোগেৰে ডিমৰীয়াৰ ক্ৰিকেট প্ৰতিভাসমূহ উদ্ভাসিত হ’ব বুলি আশা কৰিছে উদ্যোক্তাসকলে ।
হিন্দুস্থান সমাচাৰ / Narayan Kar
