ফেজ (মৰক্কো), ০৯ অক্টোবৰ (হি.স.)। পৰ্তুগালত ঐতিহাসিক জয়ৰ পাছত ভাৰতৰ তাৰকা ৰেলী ৰাইডাৰ ঐশ্বৰ্য পিচ্ছাইয়ে এতিয়া আন এক বৃহৎ মাইলৰ খুঁটি অৰ্জন কৰিবলৈ সাজু হৈছে। শেহতীয়াকৈ বি পি আলটিমেট ৰেলী-ৰেইড পৰ্তুগাল ২০২৫ত নিজৰ শাখাত খিতাপ দখল কৰা এছিয়া আৰু ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাইডাৰ হিচাপে পৰিগণিত হৈছে। এতিয়া তেওঁ ১০ অক্টোবৰৰ পৰা ১৭ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া বিশ্বৰ অন্যতম সন্মানীয় আৰু প্ৰত্যাহ্বানমূলক ইভেণ্ট ৰেলী ডু মৰ’কত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে।
কঠিন ট্ৰেকত ২,২৯৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ পৰীক্ষা
ৰেলী ডু মৰক ২০২৫ৰ ২৬ সংখ্যক সংস্কৰণত প্ৰতিযোগীসকলে ফেজৰ পৰা এৰফৌডলৈ ২,২৯৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ অতিক্ৰম কৰিব, য’ত ১৪৭৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ বিশেষ মঞ্চও থাকিব। এইবাৰৰ ৰেলীত মুঠ ২২৯খন বাহন আৰু ১২০ জনৰো অধিক আন্তঃৰাষ্ট্ৰীয় ৰাইডাৰ উপস্থিত থাকিব।
এই সকলোবোৰৰ মাজতে ঐশ্বৰ্য পিচ্ছাই আকৌ এবাৰ ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে— তেওঁ হ’ব এছিয়াৰ প্ৰথমগৰাকী মহিলা ৰাইডাৰ আৰু ভাৰতৰ পৰা প্ৰথমগৰাকী যিয়ে দুটা চকাত উঠিব। তেওঁ ডব্লিউ২আৰচি (W2RC) ৰেলী ২ – মহিলা শাখাত অংশগ্ৰহণ কৰিব। তেওঁৰ লক্ষ্য হৈছে মহিলাসকলৰ বাবে মটৰস্প’ৰ্টছৰ ক্ষেত্ৰত নতুন মানদণ্ড নিৰ্ধাৰণ কৰা আৰু ডাকাৰ ২০২৭ৰ দিশত আন এক শক্তিশালী পদক্ষেপ লোৱা।
ঐশ্বৰ্যই কয়, পৰ্তুগালৰ পিছত মোৰ আত্মবিশ্বাস আৰু গতিৰ উন্নতি হৈছে। ৰেলী ডু মৰক বিশ্ব ৰেলী-ৰেইড কেলেণ্ডাৰৰ অন্যতম কঠিন ইভেণ্ট। মই ইয়াত ডাকাৰৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ, শিকিবলৈ আৰু মোৰ সীমা আৰু অধিক ঠেলি দিবলৈ আহিছো।
ৰেলী ডু মৰক ২০২৫ হৈছে এফ আই এম বিশ্ব ৰেলী-ৰেইড চেম্পিয়নশ্বিপ (ডব্লিউ২আৰচি)ৰ অন্তিম ৰাউণ্ড। এই ৰেলী বালিচহীয়া টিলা, শিলৰ ট্ৰেইল, আৰু জটিল নেভিগেচন প্ৰত্যাহ্বানৰ বাবে বিখ্যাত। ই প্ৰতিযোগীৰ সহনশীলতা, মনোযোগ আৰু সামঞ্জস্যতাক কঠোৰভাৱে পৰীক্ষা কৰে—আৰু ঐশ্বৰ্য পিছাই ইতিমধ্যে এই সকলোবোৰ গুণৰ উদাহৰণ দাঙি ধৰিছে।
ঐশ্বৰ্যৰ এই কৃতিত্ব ভাৰতীয় মটৰস্প’ৰ্টৰ ইতিহাসৰ এক ডাঙৰ মাইলৰ খুঁটি নহয়, ভৱিষ্যতৰ মহিলা আৰোহীৰ বাবেও ই এক প্ৰেৰণা হিচাপে কাম কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
