নতুন দিল্লী, ১০ নৱেম্বৰ (হি.স.)। হকী ইণ্ডিয়াই সোমবাৰে এফ আই এইচ মহিলা জুনিয়ৰ হকী বিশ্বকাপ ২০২৫ৰ বাবে ভাৰতীয় দলৰ কথা ঘোষণা কৰে। এই প্ৰতিযোগিতা খন ২০২৫ চনৰ ২৫ নৱেম্বৰৰ পৰা ১৩ ডিচেম্বৰলৈ চিলিৰ ছান্টিয়াগোত অনুষ্ঠিত অনুষ্ঠিত হ’ব।
ঘোষিত ১৮ জন খেলুৱৈ আৰু দুজন বিকল্পৰে গঠিত ২০ জনীয়া ভাৰতীয় দলটোৱে তেওঁলোকৰ কঠোৰ প্ৰশিক্ষণৰ ফলাফল প্ৰদৰ্শন কৰাৰ লগতে বিশ্ব মঞ্চত শক্তিশালী প্ৰদৰ্শন আগবঢ়োৱাৰ লক্ষ্য ৰাখিব। ভাৰতক পুল চিত স্থান দিয়া হৈছে, য’ত জাৰ্মানী, আয়াৰলেণ্ড, নামিবিয়াৰ দৰে দল অন্তৰ্ভুক্ত কৰা হৈছে। ১ ডিচেম্বৰত নামিবিয়াৰ বিৰুদ্ধে ভাৰতে প্ৰথমখন মেচ খেলিব, তাৰ পিছত ৩ ডিচেম্বৰত জাৰ্মানী আৰু ৫ ডিচেম্বৰত আয়াৰলেণ্ডৰ বিৰুদ্ধে।প্ৰতিটো পুলৰ শীৰ্ষ দলসমূহে ৭ৰ পৰা ১৩ ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া নকআউট পৰ্যায়লৈ আগবাঢ়িব।দলটোৰ অধিনায়ক হিচাপে পুনৰবাৰ জ্যোতি সিঙে অধিনায়কত্ব কৰিব, আনহাতে মুখ্য প্ৰশিক্ষক তুষাৰ খাণ্ডেকাৰে দলটোৰ নেতৃত্ব দিব।
দল নিৰ্বাচনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্য প্ৰশিক্ষক তুষাৰ খাণ্ডেকাৰে কয়, মই এই দলটোক লৈ অতি সুখী। আমাৰ মূল গুৰুত্ব অনুশাসনৰ ওপৰত আছিল, আৰু আমি সেই কথা মনত ৰাখিয়েই এই দলটো গঢ়ি তুলিছো। যোৱা কেইমাহমানৰ পৰা ছোৱালীকেইজনীয়ে ডিফেন্স আৰু ফিনিচিং দুয়োটা দিশতে প্ৰচণ্ড উন্নতি দেখুৱাইছে। এতিয়া তেওঁলোকক অধিক পৰিপক্ক আৰু আত্মবিশ্বাসী যেন দেখা গৈছে।
তেওঁ লগতে কয়, আমি সকলোৱে চিলিলৈ যাত্ৰা কৰিবলৈ পাই অতিশয় উৎসাহিত হৈছো। দলটোৰ উৎসাহ আৰু আত্মবিশ্বাস দুয়োটা উচ্চ, আৰু আমি আশা কৰিছো যে এই দলটোৱে বিশ্বকাপত ভাল প্ৰদৰ্শন কৰিব।
দলটো এনেধৰণৰ :
গ’লৰক্ষক : নিধি, এঞ্জেল হৰ্ষা ৰাণী মিঞ্জ।
ডিফেণ্ডাৰ : মনীষা, লালথানলুয়ালংগী, সাক্ষী শুক্লা, পূজা সাহু, নন্দিনী।
মিডফিল্ডাৰঃ সাক্ষী ৰানা, ইশিকা, সুনেলিতা টপ্পো, অধিনায়ক জ্যোতি সিং, খাইদেম শিলাইমা চানু, বিনিমা ধন।
ফৰৱাৰ্ড : সোণম, পূৰ্ণিমা যাদৱ, কণিকা ছিৱাচ, হিনা বানো, সুখবীৰ কৌৰ।
বিকল্প খেলুৱৈ: প্ৰিয়ংকা যাদৱ, পাৰ্বতী টপ্পো।
हिन्दुस्थान समाचार / অৰৱিন্দ
