ছিডনী, ০১ জানুৱাৰী (হি.স.)। ইংলেণ্ডৰ বিৰুদ্ধে এছেছ শৃংখলাৰ পঞ্চম আৰু অন্তিমখন টেষ্টৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰিছে অষ্ট্ৰেলিয়াই। ৪ জানুৱাৰীৰ পৰা ছিডনীত অনুষ্ঠিত হ’বলগীয়া এই খেলখন ক্ৰিকেট অষ্ট্ৰেলিয়াৰ তথ্য অনুসৰি নিয়মীয়া অধিনায়ক পেট কামিন্সৰ অনুপস্থিতিত পুনৰবাৰ দলটোক নেতৃত্ব দিব অভিজ্ঞ বেটছমেন ষ্টিভ স্মিথে।
কঁকালৰ তলৰ অংশৰ আঘাতৰ বাবে পেট কামিন্সে এছেছ ছিৰিজৰ প্ৰথম দুখন টেষ্টত অংশ ল’ব নোৱাৰিলে। এডিলেইড টেষ্টত উভতি আহি তেওঁ অষ্ট্ৰেলিয়াক জয়ৰ দিশত আগুৱাই লৈ যায় আৰু এছেছ নিশ্চিত কৰে। অৱশ্যে আইচিচি টি-২০ বিশ্বকাপ ২০২৬ৰ কথা মনত ৰাখি দল পৰিচালনা সমিতিয়ে কামিন্সক শৃংখলাৰ বাকী সময়ছোৱাৰ বাবে জিৰণি দিয়াৰ সিদ্ধান্ত লৈছে। ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ বাবেও কামিন্স অষ্ট্ৰেলিয়াৰ অস্থায়ী দলৰ অংশ।
ইফালে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ জল্পনা-কল্পনা চলি থকাৰ পাছতো ৩৯ বছৰীয়া উছমান খোৱাজাক ছিডনী টেষ্টৰ বাবে দলত ৰখা হৈছে। খোৱাজাই বৰ্তমানৰ এছেছ শৃংখলাটো অ’পেনাৰ হিচাপে আৰম্ভ কৰিছিল যদিও পিঠিৰ স্পামৰ বাবে তেওঁ পাৰ্থ টেষ্টৰ দ্বিতীয় ইনিংছত বেটিং কৰিবলৈ বাধা দিছিল। ইয়াৰ ফলত তেওঁ ব্রিজবেন টেষ্টৰ পৰা বাহিৰ হ’ল আৰু প্রথম অৱস্থাত এডিলেইড টেষ্ট দলৰ পৰা বাদ পৰিল৷ কিন্তু ষ্টিভ স্মিথৰ অসুস্থতাৰ বাবে খোৱাজাক ৪ নম্বৰত বেটিং কৰিবলৈ মাতি অনা হয়।
চতুৰ্থ এছেজ টেষ্টত খোৱাজাই ট্ৰেভিছ হেড আৰু জেক ৱেদাৰল্ডৰ সৈতে মিডল অৰ্ডাৰত বেটিং কৰে। প্ৰথম ইনিংছত ৫২টা বলত ২৯ ৰান সংগ্ৰহ কৰি দ্বিতীয় ইনিংছত স্ক’ৰলেছ হৈ থাকে। চলিত শৃংখলাত খোৱাজাই এডিলেইড টেষ্টত অৰ্ধশতককে ধৰি তিনিখন মেচত পাঁচটা ইনিংছত ১৫৩ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ গড় ৩০.৬০।
বক্সিং ডে টেষ্টত মেলবৰ্ণত বেন ষ্ট’কছৰ নেতৃত্বত ইংলেণ্ডৰ হাতত চাৰি উইকেটত পৰাস্ত হোৱাৰ পিছত অষ্ট্ৰেলিয়াই ছিডনী টেষ্টত উভতি অহাৰ লক্ষ্য ৰাখিব।
পঞ্চমখন এছেজ টেষ্টৰ বাবে অষ্ট্ৰেলিয়াৰ দল:
ষ্টিভ স্মিথ (অধিনায়ক), স্কট ব’লেণ্ড, এলেক্স কেৰী, ব্ৰেণ্ডন ডগেট, কেমেৰন গ্ৰীণ, ট্ৰেভিছ হেড, জোছ ইংলিছ, উছমান খাৱাজা, মাৰ্নাছ লাবুছাগনে, টড মাৰ্ফি, মাইকেল নেজাৰ, ঝাই ৰিচাৰ্ডছন, মিচেল ষ্টাৰক, জেক ৱেদাৰল্ড, বিউ ৱেবষ্টাৰ
हिन्दुस्थान समाचार / অৰৱিন্দ
