গুৱাহাটী, ০৬ জুলাই (হি.স.)। অসমৰ প্ৰতিভাৱান সাঁতোৰবিদ নিবিৰ হাজৰিকা আগন্তুক এছিয়ান ইউথ গেমছ ২০২৫ৰ বাবে ভাৰতীয় সাঁতোৰ দলত নিৰ্বাচিত হৈছে। এই সন্মানীয় ক্ৰীড়া অনুষ্ঠানটো অহা ২৩ৰ পৰা ২৭ অক্টোবৰলৈ বাহৰেইনত অনুষ্ঠিত হ’ব।
৭৮ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰ চেম্পিয়নশ্বিপ আৰু টাইম ট্ৰাইলৰ প্ৰদৰ্শনৰ ভিত্তিত ১৪ জনীয়া ভাৰতীয় দলটো ভাৰতীয় সাঁতোৰ ফেডাৰেচনে যোগ্যতা আৰু বাছনি নীতিৰ অধীনত ঘোষণা কৰে, য’ত নিবিৰে অসমক প্ৰতিনিধিত্ব কৰি স্থান দখল কৰিছে।
নিবিৰৰ নিৰ্বাচনে অসমৰ সাঁতোৰ জগতত সুখৰ জোৱাৰ সৃষ্টি কৰিছে। একে মাহৰ দ্বিতীয়টো বৃহৎ কৃতিত্ব। ইয়াৰ পূৰ্বে জনঞ্জয় জ্যোতি হাজৰিকা আৰু তীৰ্থংকাৰে বিশ্ব জুনিয়ৰ একুৱাটিক চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল।
অসম সাঁতোৰ সন্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাস আৰু প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে নিবিড়ক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে অভিনন্দন জনাই তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। তেওঁ ইয়াক অসম দলৰ বাবে গৌৰৱ আৰু প্ৰেৰণাৰ মুহূৰ্ত বুলি অভিহিত কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
