নতুন দিল্লী, ১৯ জুলাই (হি.স.)। মেছে মিউনিখ ইণ্ডিয়াই ২০২৫ আৰু ২০২৬ চনৰ বাবে ক্ৰিকেটাৰ ৰোহিত শৰ্মাক ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিছে ইলেক্ট্ৰনিকা ইণ্ডিয়া আৰু প্ৰডাক্ট্ৰনিকা ইণ্ডিয়াৰ বাবে।
কোম্পানীটোৱে লগতে ঘোষণা কৰিছে যে ২০২৬ চনৰ এপ্ৰিল মাহৰ পৰা প্ৰতি বছৰে দিল্লী-এনচিআৰ আৰু বেংগালুৰুত এই মেলাসমূহৰ আয়োজন কৰা হ’ব। গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত এক হাই-প্ৰফাইল উদ্যোগ বৈঠকত এই সিদ্ধান্ত লোৱা হয়, য’ত চেমচাং, চিৰমা এছজিএছ, কেপিটেল মিটাৰছ, ভিভিডিএন, সহস্ৰা গ্ৰুপকে ধৰি কেইবাটাও আগশাৰীৰ ইলেক্ট্ৰনিকছ নিৰ্মাতা কোম্পানী, এলচিনা, আইচিইএ, ক্লিক, ফিচিচিআই, আইপিচিৰ দৰে আগশাৰীৰ উদ্যোগ সংস্থাৰ জ্যেষ্ঠ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
এই উপলক্ষে ভাষণ দি আই এম এৰ সভাপতি ভূপিন্দৰ সিঙে কয়, “ৰোহিত শৰ্মা এজন প্ৰেৰণা। তেওঁক ব্ৰেণ্ড এম্বেছাদৰ কৰি আমি এই মঞ্চক ব্যৱসায়ৰ বাহিৰলৈ লৈ গৈ ভাৰতৰ প্ৰযুক্তিৰ ভৱিষ্যতক মূলসুঁতিলৈ আনিছো।”
২০২৫ চনৰ বেংগালুৰু সংস্কৰণত ৮০০ৰো অধিক প্ৰদৰ্শকে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানে কেৱল উদ্যোগটোৰ বৃদ্ধি প্ৰদৰ্শন কৰাই নহয়, বিশ্ব প্ৰযুক্তি মঞ্চত ভাৰতৰ উপস্থিতিও শক্তিশালী কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
