নতুন দিল্লী, ০২ অক্টোবৰ (হি.স.)। ছিংগাপুৰত অনুষ্ঠিত হ’বলগীয়া সন্মানীয় বিশ্ব অপেশাদাৰী দল চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে দেশৰ গলফৰ বাবে নেশ্যনেল স্প’ৰ্টছ ফেডাৰেচন (এন এছ এফ) ইণ্ডিয়ান গ’ল্ফ ইউনিয়ন (আই জি ইউ)। ২০২৫ চনৰ ৮-১১ অক্টোবৰলৈ টানাহ মেৰা কাউণ্ট্ৰী ক্লাব (টাম্পিনেছ কোৰ্চ)ত অনুষ্ঠিত হ’ব এই চেম্পিয়নশ্বিপ।
ভাৰতীয় দলটোত আছে অৰিন আহুজা, ৰক্ষিত দহিয়া, আৰু দীপক যাদৱ। এই খেলুৱৈসকলে আন ৩৫খন দেশৰ অপেশাদাৰী গলফাৰৰ বিৰুদ্ধে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আৰু আমেৰিকাৰ ৩৪ সংখ্যক ৰাষ্ট্ৰপতি ড্ৱাইট ডি আইজেনহাৱাৰৰ নামেৰে নামাকৰণ কৰা আইজেনহাৱাৰ ট্ৰফী লাভ কৰাৰ চেষ্টা কৰিব। উল্লেখযোগ্য যে চলিত বৰ্ষৰ জুন মাহত অনুষ্ঠিত দিল্লী-এনচিআৰ কাপত ৰক্ষিত দহিয়া বিজয়ী আৰু দীপক যাদৱ ৰানাৰ্ছ আপ।
দলৰ অধিনায়ক হিচাপে ভাৰতীয় গলফ ইউনিয়নৰ সঞ্চালক প্ৰধান মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) বিভূতি ভূষনে দলটোৰ সৈতে ছিংগাপুৰলৈ যাব। তেওঁ কয়, আমাৰ খেলুৱৈসকলে এই প্ৰতিযোগিতাখনৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আহিছে। আই জি ইউয়ে যোৱা বছৰ ৰাষ্ট্ৰীয় দল ব্যৱস্থা স্থাপন কৰিছিল, যিয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত আমাক উপকৃত কৰিছে। ৰণবীৰ মিত্ৰ’, হৰজাই মিলখা সিং, কৃষ্ণ চাউলাৰ দৰে খেলুৱৈয়ে ধাৰাবাহিকভাৱে শীৰ্ষ ১০ ৰ ভিতৰত স্থান লাভ কৰিছে। আমি আত্মবিশ্বাসী যে এইবাৰো দলটোৱে ভাল প্ৰদৰ্শন কৰিব।
১৯৫৮ চনত স্কটলেণ্ডৰ ছেইণ্ট এণ্ড্ৰুজৰ ওল্ড কোৰ্চত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল এই চেম্পিয়নশ্বিপ। এতিয়ালৈকে সৰ্বাধিক পদক লাভ কৰিছে আমেৰিকাই ২৮টা (১৬টা সোণ, ৯টা ৰূপ, আৰু ৩টা ব্ৰঞ্জ)। অষ্ট্ৰেলিয়া (১৪টা পদক), গ্ৰেট ব্রিটেইন আৰু আয়াৰলেণ্ড (১১), কানাডা (৭), আৰু ছুইডেনে (৭) শীৰ্ষ পাঁচটা স্থান দখল কৰিছে।
টেম্পিনছৰ এই খেলপথাৰখন ৭,৩৯৪ গজ দীঘল আৰু ইয়াৰ সমতা ৭২ গজ। ইয়াৰ পূৰ্বে গলফ ক্লাবটোৱে কেইবাখনো বিশ্বমানৰ প্ৰতিযোগিতা আয়োজন কৰিছিল, য’ত আছিল জনী ৱাকাৰ ক্লাছিক, লেক্সাছ কাপ, এইচ এছ বি চি মহিলা চেম্পিয়নছ, এছিয়ান ট্যুৰৰ আন্তঃৰাষ্ট্ৰীয় ছিৰিজ ছিংগাপুৰ, হানা ফাইনেন্সিয়েল গ্ৰুপ ছিংগাপুৰ মহিলা অ’পেন।
এই প্ৰতিযোগিতা ব্যক্তিগত ষ্ট্ৰ’কপ্লে ফৰ্মেটত অনুষ্ঠিত হ’ব। প্ৰতিটো ৰাউণ্ডত তিনিজন সতীৰ্থৰ ভিতৰত শ্ৰেষ্ঠ দুটা স্ক’ৰ যোগ কৰা হ’ব, আৰু চাৰিদিনৰ মুঠ স্ক’ৰ (৭২ হোল) হ’ব দলৰ চূড়ান্ত স্ক’ৰ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
