লক্ষ্ণৌ, ০১ ছেপ্টেম্বৰ (হি.স.)। ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একনা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ইউ পি টি-২০ লীগ ছিজন-৩ৰ ৰোমাঞ্চকৰ খেলখনত মীৰুট মেভেৰিক্সে সুন্দৰ বেটিঙেৰে নয়ডা কিংছক ৮ উইকেটত পৰাস্ত কৰে। মাত্ৰ ১৮.৩ অভাৰতে ২০১ ৰানৰ বিশাল লক্ষ্য অৰ্জন কৰে মেভেৰিক্সে।
প্ৰথমে বেটিং কৰি নয়ডা কিংছে নিৰ্ধাৰিত ২০ অভাৰত ২০০/৩ৰ ডাঙৰ স্ক’ৰ কৰে। দলটোৰ হৈ অধিনায়ক প্ৰশান্ত বীৰে ২৯টা বলত ৫৭ ৰান (৮ চাৰি, ২ ছয়)ৰ বিস্ফোৰক ইনিংছ খেলাৰ বিপৰীতে শিৱম চৌধাৰীয়ে অপৰাজিত ৮৫ ৰান (৫৬ বল, ৫ চাৰি, ৬ ছয়) কৰে। ৰবি সিঙেও ২১ ৰানৰ বৰঙণি আগবঢ়ায়।
বলিঙত যশ গাৰ্গ (৪ অভাৰ, ২৬ ৰান, ১ উইকেট) আছিল মীৰুটৰ বাবে সৰ্বাধিক মিতব্য়য়ী।
ইফালে ২০১ ৰানৰ লক্ষ্য খেদি খেদি মীৰুট মেভেৰিক্সৰ আৰম্ভণি আছিল শক্তিশালী। স্বস্তিক চিকাৰাই ৩৮টা বলত ৬৪ ৰান (২ চাৰি, ৭ ছয়) সংগ্ৰহ কৰি ইনিংছ ত্বৰান্বিত কৰে। তেওঁৰ লগতে ঋতুৰাজ শৰ্মাই ৫৬ ৰান (৪৪ বল, ৪ চাৰি, ৩ ছয়) সংগ্ৰহ কৰে। শেষত অধিনায়ক ৰিংকু সিঙে মাত্ৰ ১২টা বলত ৩৭ ৰান (৩ চাৰি, ৩ ছয়)ৰ উজ্জ্বল ইনিংছ খেলি মাধৱ কৌশিকে ৩৮ ৰান (১৯ বল, ১ চাৰি, ৪ ছয়) সংগ্ৰহ কৰি ১৮.৩ অভাৰত দলটোক জয়লাভ কৰে।
মীৰুট মেভেৰিক্সে ২০২/২ ৰান সংগ্ৰহ কৰি নয়ডা কিংছক ৮ উইকেটত পৰাস্ত কৰে। এই জয়েৰে মীৰুট মেভেৰিক্সে পইণ্ট টেবুলত নিজৰ স্থান দৃঢ় কৰিলে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
