নতুন দিল্লী, ২২ আগষ্ট (হি.স.)। অষ্ট্ৰেলিয়াৰ টেনিছ তাৰকা নিক কিৰ্গিঅ’ছে একেৰাহে তৃতীয় বছৰৰ বাবে ইউ এছ অ’পেনত অংশগ্ৰহণ নকৰে। প্ৰতিযোগিতাখনৰ আয়োজকসকলে বৃহস্পতিবাৰে তেওঁৰ প্ৰত্যাহাৰ নিশ্চিত কৰে।
যোৱা কেইবছৰমানৰ পৰা ভৰি, আঁঠু আৰু হাতৰ কব্জিৰ আঘাতৰ সৈতে যুঁজি আহিছে ৩০ বছৰীয়া কিৰ্গিঅ’ছে। এই ছিজনত তেওঁ মাত্ৰ পাঁচখন একক মেচহে খেলিছে, ইয়াৰে চাৰিখন খেলত পৰাস্ত হৈছে।
কিৰ্গিঅ’ছৰ কেৰিয়াৰৰ আটাইতকৈ সফল বছৰটো আছিল ২০২২ চনত, যেতিয়া তেওঁ উইম্বলডনৰ ফাইনেলত প্ৰৱেশ কৰি নিউয়ৰ্কত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। কিন্তু আঘাতৰ বাবে তেওঁৰ কেৰিয়াৰ প্ৰভাৱিত হৈ থাকিল। ২০২৩ চনত মাত্ৰ এখন মেচ খেলিছিল, আনহাতে ২০২৪ চনৰ গোটেই বছৰটো খেলিব নোৱাৰিলে।এইবাৰো মাৰ্চ মাহত মিয়ামি অ’পেনত দ্বিতীয় ৰাউণ্ডৰ পৰাজয়ৰ পিছত কোনো একক মেচ খেলিব পৰা নাই।
কিৰ্গিঅ’ছৰ ঠাইত এজন ‘লাকী লুজাৰ’ক মূল ড্ৰ’ত অন্তৰ্ভুক্ত কৰা হ’ব। দেওবাৰৰ পৰা আৰম্ভ হ’ব ইউ এছ অ’পেনৰ এইবাৰৰ চূড়ান্ত গ্ৰেণ্ড শ্লেমৰ একক মেচ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
