নতুন দিল্লী, ১৩ ছেপ্টেম্বৰ (হি.স.)। ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টি-২০ শৃংখলাৰ বাকী দুখন মেচৰ পৰা বাহিৰ হৈছে দক্ষিণ আফ্ৰিকাৰ স্পিনাৰ কেশৱ মহাৰাজ। ক্ৰিকেট দক্ষিণ আফ্ৰিকাই শুকুৰবাৰে এই তথ্য প্ৰদান কৰে। মহাৰাজে উৰুত আঘাত পাইছে।
তেওঁৰ ঠাইত ৩০ বছৰীয়া বাওঁহাতৰ স্পিনাৰ ব’ৰ্ন ফৰ্টুইনক দলত অন্তৰ্ভুক্ত কৰা হৈছে। ফৰ্টুইনে শেষবাৰৰ বাবে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত টি-২০ ইণ্টাৰনেশ্যনেল খেলিছিল।
কাৰ্ডিফত অনুষ্ঠিত হোৱা বৰষুণৰ মাজত বাধাগ্ৰস্ত প্ৰথমখন টি-২০ মেচত দক্ষিণ আফ্ৰিকাই ইংলেণ্ডক ১৪ ৰাণত (ডি এল এছ পদ্ধতি) পৰাস্ত কৰে। শৃংখলাৰ বাকী দুখন মেচ মানচেষ্টাৰ আৰু নটিংহামত অনুষ্ঠিত হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
