নতুন দিল্লী, ২৭ আগষ্ট (হি.স.)। আইচিচি মহিলা টি-২০ বিশ্বকাপ ২০২৬ৰ কোৱালিফায়াৰত আয়াৰলেণ্ড আৰু নেদাৰলেণ্ডে যোগ্যতা অৰ্জন কৰিছে। জাৰ্মানীৰ বিৰুদ্ধে ৬৫ ৰানত জয়লাভ কৰি নেদাৰলেণ্ডে ইউৰোপৰ পৰা অহা দল দুটা হিচাপে আয়াৰলেণ্ডৰ সৈতে যোগ দি আইচিচি মহিলা টি-২০ বিশ্বকাপ ২০২৬ গ্ল’বেল কোৱালিফায়াৰত প্ৰৱেশ কৰিছে।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ তথ্য অনুসৰি অহা বছৰ ইংলেণ্ডত অনুষ্ঠিত হ’বলগীয়া আইচিচি মহিলা টি-২০ বিশ্বকাপত স্থান লাভৰ চেষ্টাত দুয়োটা দলে আন দলৰ সৈতে যোগদান কৰিব।
ইতিমধ্যে আয়াৰলেণ্ডে একেৰাহে পাঁচটা জয়ৰে শীৰ্ষস্থান নিশ্চিত কৰিছিল, আনহাতে জাৰ্মান দলৰ বিৰুদ্ধে জয়লাভ কৰি নেদাৰলেণ্ডে নিশ্চিত কৰিছে যে ইউৰোপ কোৱালিফায়াৰৰ অন্তিমখন মেচত ইটালীয়ে আয়াৰলেণ্ডক পৰাস্ত কৰিলেও নেদাৰলেণ্ডে শীৰ্ষ দুটা স্থানত থাকিব।
কোৱালিফায়াৰত খেলা আন দলসমূহৰ ভিতৰত ২০২৪ চনৰ মহিলা টি-২০ বিশ্বকাপত অংশগ্ৰহণৰ ভিত্তিত স্কটলেণ্ড আৰু বাংলাদেশে স্বয়ংক্ৰিয়ভাৱে যোগ্যতা অৰ্জন কৰিছে। লগতে মাৰ্চ মাহত আমেৰিকাই আমেৰিকাছ কোৱালিফায়াৰৰ জৰিয়তে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে মে’ মাহত নেপাল আৰু থাইলেণ্ডে এছিয়াৰ পৰা যোগ্যতা অৰ্জন কৰে। আৰু তিনিটা দলৰ সিদ্ধান্ত এতিয়াও লোৱা হোৱা নাই আৰু আফ্ৰিকা আৰু ইষ্ট-এছিয়া প্ৰশান্ত মহাসাগৰীয় আঞ্চলিক প্ৰতিযোগিতাৰ জৰিয়তে ১০টা দলৰ কোৱালিফায়াৰত প্ৰৱেশ কৰিব। গ্ল’বেল কোৱালিফায়াৰত অংশগ্ৰহণ কৰা ১০টা দলৰ ভিতৰত চাৰিটা দলে টি-২০ বিশ্বকাপত স্থান লাভ কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
