নতুন দিল্লী, ১৯ অক্টোবৰ (হি.স.)। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল আজি অষ্ট্ৰেলিয়াৰ পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। পুৱা ৯:০০ বজাৰ পৰা আৰম্ভ হ’ব এই খেলখন।
এই মেচত শুভমন গিলে প্ৰথমবাৰৰ বাবে ভাৰতীয় দলৰ অধিনায়কত্ব কৰাৰ বিপৰীতে মিচেল মাৰ্ছে অষ্ট্ৰেলিয়ান দলৰ অধিনায়কত্ব কৰিব। এই মেচখনো বিশেষ হ’ব কাৰণ বহুদিনৰ পাছত প্ৰথমবাৰৰ বাবে খেলপথাৰত উপস্থিত হ’ব কিংবদন্তি বেটছমেন ৰোহিত শৰ্মা আৰু বিৰাট কোহলী। চলিত বৰ্ষৰ মাৰ্চ মাহত দুয়োগৰাকী খেলুৱৈকে আই চি চি চেম্পিয়নছ ট্ৰফীত খেলা দেখা গৈছিল আৰু তেওঁলোকৰ তাৰকা প্ৰদৰ্শনৰ বাবেই ৰোহিত শৰ্মাৰ নেতৃত্বত টিম ইণ্ডিয়াই ট্ৰফী লাভ কৰিছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
